বিশিষ্ট শিক্ষাবিদ চিদানন্দ শৰ্মাৰ ৯৫ বছৰ বয়সত মৃত্যু

বিশিষ্ট শিক্ষাবিদ, অসম হাইস্কুল শিক্ষক সংস্থাৰ প্ৰতিষ্ঠাপক সভাপতি চিদানন্দ শৰ্মাৰ শুকুৰবাৰে পুৱা বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৯৫ বছৰ হৈছিল। শৰ্মাই টিহুৰ দিঘেলী হাইস্কুলৰ প্ৰধান শিক্ষকৰূপে অৱসৰ গ্ৰহণ কৰিছিল। শিক্ষাবিদ ৰূপে তেওঁ টিহু অঞ্চলত শিক্ষাৰ পোহৰ বিলোৱাৰ কামত ওৰেটো জীৱন ব্ৰতী আছিল। মৃত্যুৰ সময়ত শৰ্মাই পত্নী, দুজন পুত্ৰ, দুগৰাকী কন্যা এৰি থৈ গৈছে। অসংখ্য গুণমুগ্ধৰ উপস্থিতিত টিহুত চিদনন্দ শৰ্মাৰ শেষকৃত্য সম্পন্ন কৰা হয়। অসম হাইস্কুল শিক্ষক সন্থাই শৰ্মাৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে বিদেহি আত্মাৰ সদগতি কামনা কৰিছে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...