সীমা সমস্যা সন্দৰ্ভত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বৈঠক

সৌহার্দ্যপূর্ণ সমাধানৰ বাবে আলোচনা আগবঢ়াই নিয়াৰ সিদ্ধান্ত

অহা জুন মাহত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে যৌথভাৱে ভ্ৰমণ কৰিব বিবদমান অঞ্চলসমূহ

আজি গুৱাহাটীত অনুষ্ঠিত হোৱা অসম-মেঘালয় সীমা বিবাদ সন্দৰ্ভত উচ্চপৰ্যায়ৰ মুখ্যমন্ত্ৰী স্তৰৰ বৈঠকত আন্তঃৰাজ্যিক সীমা বিবাদৰ সৌহাদ্যপূর্ণ সমাধানৰ বাবে কাৰ্বি আংলং আৰু পশ্চিম জয়ন্তীয়া পাহাৰ অঞ্চলত মুখ্যমন্ত্ৰীসকলৰ যৌথ ভ্ৰমণৰ সিদ্ধান্ত লোৱা হয়। কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হোৱা এই বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনবাড কে চাংমাৰ সৈতে এক আন্তৰিক আৰু বন্ধুত্বপূৰ্ণ পৰিৱেশত আন্তঃৰাজ্যিক সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগতে বাকী থকা সীমা সমস্যাসমূহৰ ওপৰত বিস্তৃত আলোচনা কৰে। উল্লেখ্য যে, অসম আৰু মেঘালয়ৰ আন্তঃৰাজ্যিক সীমান্তৰ বিবদমান ১২ টা অঞ্চলৰ ভিতৰত ইতিমধ্যে ৬ টা অঞ্চলৰ বিবাদ মীমাংসা হৈছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে কনবাড কে চাংমাই দ্বিতীয়টো কার্যকাল আৰম্ভ কৰাৰ পিছত তেওঁৰ সৈতে এইখনে প্রথম বৈঠক। এই বৈঠকত ৬ টা বিবদমান অঞ্চলৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় আৰু দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে অহা জুন মাহত অসমৰ কাৰ্বি আংলং জিলা আৰু মেঘালয়ৰ পশ্চিম জয়ন্তীয়া জিলা ভ্ৰমণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীদ্বয়ে এই ভ্ৰমণৰ সময়ছোৱাত সংবিধানৰ বিধান অনুসৰি সীমান্ত সম্পৰ্কীয় সমস্যাটোক যুক্তিসংগত সমাধানলৈ লৈ যোৱাৰ লগতে সকলো অংশীদাৰীক আস্থাত লোৱাৰ বাবে আলাপ-আলোচনাত মিলিত হ’ব।

কেইবা দশক পুৰণি এই সীমা সমস্যাৰ সমাধানৰ দিশত যাতে এক অনুকূল পৰিৱেশ সৃষ্টি কৰিব পৰা যায় তাৰ বাবে আলাপ আলোচনাৰ জৰিয়তে সীমা সমস্যা সমাধান কৰাৰ বাবে গঠন কৰা আঞ্চলিক সমিতিসমূহৰ কাম-কাজ অব্যাহত ৰখাৰ বাবেও আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। এই আঞ্চলিক সমিতিসমূহে শান্তি-সম্প্রীতি ব্যাহত নোহোৱাকৈ অংশীদাৰীসকলক আস্থাত লৈ এটা ঐক্যমত সমাধানত উপনীত হোৱাৰ অৰ্থে কাম কৰিব।

মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে দুয়োখন ৰাজ্যই সীমান্ত সম্পর্কীয় সমস্যাটো সৌহার্দ্যপূর্ণ সমাধানৰ বাবে বন্ধুত্বপূর্ণ তথা আন্তৰিকতাপূর্ণ মনোভাৱেৰে কাম কৰি আছে। তেওঁ কয় যে পাৰস্পৰিক বিশ্বাস, আস্থাৰ আধাৰত হোৱা আলোচনাৰ জৰিয়তে সীমান্ত সমস্যা সন্দৰ্ভত থকা সকলো মতানৈক্য অতি শীঘ্ৰে সমাধান কৰিব পৰা যাব।

অসম আৰু মেঘালয়ৰ দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে অহা জুলাই মাহত আন এক বৈঠকত মিলিত হ’ব। এই বৈঠকত সীমান্ত সমস্যা সমাধানৰ দিশত আঞ্চলিক সমিতিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে লগতে কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...