দিল্লীত নৱ নিৰ্মিত সংসদ ভৱন উদ্বোধনক লৈ বিতৰ্ক অব্যাহত

0 100

উদ্বোধন নৌহওঁতেই বিতৰ্কৰ আবৰ্তত সোমাই পৰিছে দিল্লীৰ নৱ নিৰ্মিত সংসদ ভৱন। ৯৭০ কোটি টকা ব্যয়সাপেক্ষ এই সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰপতিক আমন্ত্ৰণ নজনোৱাৰ প্ৰসংগক লৈ ১৯টা বিৰোধী দলে অহা ২৮ মে’ৰ উদ্বোধনী অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত লৈছে। উল্লেখ্য যে সেইদিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সংসদভৱন দেশবাসীৰ উদ্দেশ্য উছৰ্গা কৰিব।

দিল্লীত নৱ নিৰ্মিত সংসদ ভৱন উদ্বোধনক লৈ বিতৰ্ক অব্যাহত

অহা ২৮ মে’ত প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ বাবে উছৰ্গা কৰিব ন-ভৱনটো

উদ্বোধনী অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত ১৯টা বিৰোধী দলৰ

ভৱনটো উদ্বোধন কৰিবলৈ ৰাষ্ট্ৰপতিক আমন্ত্ৰণ নকৰাক লৈ ক্ষুব্ধ বিৰোধী পক্ষ

দেশৰ লোকসভা–ৰাজ্যসভাৰ কাৰ্য চলাই নিয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অভিলাসী Central Vista প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰি উলিয়াইছে নতুন সংসদ ভৱন। এই নতুন সংসদভৱন উদ্বোধন কৰাৰ কাৰণে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনাইছে। মোদী চৰকাৰৰ নৱম বৰ্ষপূৰ্তি উদযাপন কাৰ্যসূচীৰ অংশ হিচাপে ২৮ মে’ৰ দিনা প্ৰধানমন্ত্ৰীয়ে এই ভৱন উদ্বোধন কৰিব। কিন্তু এই উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰপতিক আমন্ত্ৰণ নজনোৱাক লৈ ক্ষুব্ধ হৈ পৰিছে বিৰোধী পক্ষ।

৬৫ হাজাৰ বৰ্গ মিটাৰজুৰি নিৰ্মিত নতুন সংসদ ভৱন

লোকসভা-ৰাজ্যসভাৰ বাবে আছে দুটা বৃহৎ প্ৰেক্ষাগৃহ

৯৭০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে এই সংসদ ভৱন

লোকসভাৰ প্ৰেক্ষাগৃহ নিৰ্মিত হৈছে ৮৮৮খন আসন সংলগ্ন কৰি

ৰাজ্যসভাৰ প্ৰেক্ষাগৃহটোত আছে ৩৮৪ গৰাকী MP বহাৰ ব্যৱস্থা

লোকসভা-ৰাজ্যসভাৰ যুটীয়া বৈঠকত একেলগে বহিব পাৰিব ১,২৮০গৰাকী MP

এইখিনিতে উল্লেখ্য যে লোকসভাৰ সাংসদৰ সদস্য সংখ্যা বৃদ্ধিৰ বাবে ইতিমধ্যে চলি আছে চিন্তা–চৰ্চা। সেই ধাৰণা আগত ৰাখি এই নতুন সংসদ ভৱন গঢ় দিয়া হৈছে। কিন্তু এই সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানলৈ ৰাষ্ট্ৰপতিৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলৈ লোৱা সিদ্ধান্তক লৈ ইতিমধ্যে সৃষ্টি হৈছে ব্যাপক বিতৰ্ক। ইয়াৰ প্ৰতিবাদতে ১৯টা সৰু-বৰ বিৰোধী দলে উদ্বোধনী অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত লৈছে।

কংগ্ৰেছ, আপ, TMC, DMKই কৰিব উদ্বোধনী অনুষ্ঠান বৰ্জন

শিৱসেনা, সমাজবাদী পাৰ্টি, JDU, চিপিএমৰো বৰ্জনৰ সিদ্ধান্ত

ৰাষ্ট্ৰপতিক আমন্ত্ৰণ নজনোৱাটো অগণতান্ত্ৰিক : বিৰোধী

বিৰোধীৰ মতে ৰাষ্ট্ৰপতিয়ে চৰকাৰ, বিৰোধী আৰু প্ৰতিজন নাগৰিকক প্ৰতিনিধিত্ব কৰে

‘আত্মনিৰ্ভৰ ভাৰত’ৰ উদ্যমক প্ৰতিনিধিত্ব কৰাৰ বাবে প্ৰধানমন্ত্ৰীক উদ্বোধনৰ দায়িত্ব : বিজেপি

ইতিমধ্যে শাসক আৰু বিৰোধী পক্ষৰ কেইবাগৰাকী নেতাই পৰস্পৰে পৰস্পৰক দোষাৰোপ কৰি টুইটযুদ্ধত লিপ্ত হৈছে। বিজেপিৰ মতে বিৰোধী পক্ষৰ এই কাৰ্য অতিশয় দুৰ্ভাগ্যজনক। বিৰোধী পক্ষৰ উদ্বোধনী অনুষ্ঠান বৰ্জনৰ ভাবুকিৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘোষণা-

নতুন ভৱন নিৰ্মাণৰ লগত জড়িত ৬০,০০০ শ্ৰমিকক চৰকাৰে জনাব সম্বৰ্ধনা

২৮ মে’ৰ উদ্বোধনী অনুষ্ঠানত জনোৱা হ’ব সম্বৰ্ধনা

দিল্লীত অৱস্থিত প্ৰায় ১০০ বছৰ পুৰণি সংসদ ভৱনৰ স্থান ল’ব এই নতুন ভৱনে। ব্ৰিটিছ আৰ্কিটেক্ট এডৱিন লুট্যেন্ট আৰু হাৰ্বাৰ্ট বেকাৰে নিৰ্মাণ কৰা পুৰণি সংসদ ভৱনৰ স্থানত বিমল পেটেলে ডিজাইন কৰা এই নতুন সংসদ ভৱনে দেশৰ এক দীৰ্ঘদিনীয়া অভাৱ পুৰণ কৰিব বুলি আশা কৰা হৈছে।  

Leave A Reply

Your email address will not be published.