IPL ফাইনেলৰ পৰা নিষিদ্ধ হ’ব পাৰে মহেন্দ্ৰ সিং ধোনী

0 5,072

চেন্নাই ছুপাৰ কিংছক দশমবাৰলৈ ফাইনেললৈ নিয়াৰ ক্ষেত্ৰত প্ৰভূত অৰিহণা আছে দলটোৰ অধিনায়ক তথা প্ৰখৰ ক্ৰিকেট মস্তিষ্কৰ অধিকাৰী মহেন্দ্ৰ সিং ধোনী। মঙলবাৰে অনুষ্ঠিত প্লে-অফৰ প্ৰথমখন খেলত গুজৰাট টাইটানছক হৰুৱাই CSK ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিছে। কিন্তু ফাইনেলত খেলাৰ পৰা বঞ্চিত হ’ব পাৰে অধিনায়ক ধোনী।

এম এছ ধোনীৰ নেতৃত্বত দশম বাৰলৈ IPLৰ ফাইনেলত CSK

চেন্নাই ছুপাৰ কিংছ IPLৰ পূৰ্বৰ ৪বাৰৰ খিতাপজয়ী দল

ধোনীৰ পৰিপক্ক অধিনায়কত্বৰ আলম লৈ সাফল্যৰ পথত CSK

প্লে-অফৰ কোৱালিফায়াৰ খেলত পুনৰ বুদ্ধিমত্তাৰ পৰিচয় দিলে ধোনীয়ে

IPLত ধোনীয়ে গঢ়ি থৈছে বহু অভিলেখ

IPLৰ ১১খন ফাইনেল খেলা ধোনী একমাত্ৰ খেলুৱৈ

CSKক দশমবাৰলৈ ফাইনেলত অৱতীৰ্ণ হোৱাৰ সুযোগ দিলে ধোনীয়ে

ৰাইজিং পুনে ছুপাৰজায়েণ্টছৰ হৈয়ো এবাৰ ফাইনেল খেলিছিল ধোনীয়ে

কিন্তু ফাইনেলৰ পৰা নিষিদ্ধ হ’ব পাৰে মহেন্দ্ৰ সিং ধোনী

খেলত আম্পায়াৰৰ সৈতে বিতৰ্ক আৰু অযথা বিলম্ব ঘটোৱাৰ অভিযোগ ধোনীৰ বিৰুদ্ধে

চলিত IPL মহেন্দ্ৰ সিং ধোনীৰ বাবে অন্তিমখন IPL হ’বনেকি? এইবাৰৰ IPLৰ ফাইনেলৰ পিছতে IPLৰ পৰা অৱসৰ ল’ব নেকি বিশ্ব ক্ৰিকেটৰ এজন অন্যতম সফল অধিনায়ক ধোনীয়ে? এই বিষয়ক লৈ ধোনী অনুৰাগীৰ মাজত অব্যাহত ৰৈছে ব্যাপক জল্পনা–কল্পনা। সেয়ে এইবাৰ ধোনীয়ে যিখন ষ্টেডিয়ামতে খেলিবলৈ গৈছে তাতেই অসংখ্য অনুৰাগীয়ে ধোনী–ধোনী আস্ফালন কৰিছে। আনকি ষ্টেডিয়ামৰ বহু গেলাৰী ধোনীৰ সমৰ্থনত CSKৰ জাৰ্ছিৰে হালধীয়া হৈ পৰিছিল। অৱশ্যে এই সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ এতিয়াও সময় আছে বুলি মঙলবাৰে গুজৰাট টাইটানছক পৰাস্ত কৰাৰ পিছত মন্তব্য কৰে ধোনীয়ে। অৱশ্যে খেলুৱৈ হিচাপে নাথাকিলেও আন ৰূপত CSKৰে যুক্ত থকাৰ ইংগিত দিলে মাহিয়ে।

IPLত ধোনীয়ে গঢ়ি থৈছে বহু অভিলেখ

IPLৰ ১১খন ফাইনেল খেলা ধোনী একমাত্ৰ খেলুৱৈ

CSKক দশমবাৰলৈ ফাইনেলত অৱতীৰ্ণ হোৱাৰ সুযোগ দিলে ধোনীয়ে

ৰাইজিং পুনে ছুপাৰজায়েণ্টছৰ হৈয়ো এবাৰ ফাইনেল খেলিছিল ধোনীয়ে

প্লে-অফৰ ২৫খন মেচৰ ১৬খনতে জয়ৰ সোৱাদ পাইছিল ধোনীয়ে

IPLৰ ১৬টা ছিজনৰ ১২বাৰতেই প্লে-অফলৈ দলক আগুৱাই নিবলৈ সক্ষম হৈছে তেওঁ

প্ৰখৰ ক্ৰিকেট মস্তিষ্কৰ অধিকাৰী ধোনীয়ে মঙলবাৰৰ প্লে–অফৰ কোৱালিফায়াৰ মেচখনতো যথেষ্ট বুদ্ধিমত্তাৰ পৰিচয় দি CSKৰ বিজয় সহজসাধ্য কৰি তুলিলে। বলাৰৰ পৰিৱৰ্তন, ফিল্ডাৰৰ পজিচন সলনি কৰা আদিত আছিল ধোনীৰ কেবাটাও মাষ্টাৰষ্ট্ৰ’ক, যাৰ সহায়ত চেন্নাইৰ দলটো গুজৰাটৰ বিৰুদ্ধে জয় সহজ হৈ পৰিছিল।

খেলখনত ধোনীৰ অধিনায়কত্বৰ কৌশলত অতিৰিক্ত ১০ ৰান পাইছিল CSK-এ

পৰাস্ত হোৱাৰ পিছত স্বীকাৰ কৰিলে গুজৰাটৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই

আম্পায়াৰৰ লগত বিতৰ্কৰে খেলখনত ৫ মিনিট সময় বিলম্ব ঘটাইছিল ধোনীয়ে

খেলপথাৰত ৯ মিনিট সময় নথকা বলাৰ পাথিৰাণাক ষষ্ঠদশ অভাৰত বল দিয়াত বাধা দিছিল আম্পায়াৰে

এতিয়া এই বিতৰ্কৰ বাবে IPLৰ ফাইনেলৰ পৰা নিষিদ্ধ হ’ব পাৰে ধোনী!

ইচ্ছাকৃতভাৱে আম্পায়ৰৰ সৈতে বিতৰ্কত লিপ্ত হোৱা আৰু সময় নষ্ট কৰাৰ অপৰাধত দোষী সাব্যস্ত হ’লে ধোনীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা হ’ব পাৰে। সেয়া যদি হয় এক বৰ্ণিল ক্ৰিকেট কেৰিয়াৰৰ দুৰ্ভাগ্যজনকভাৱে দাগ লগা সামৰণি হ’ব পাৰে। এতিয়া ধোনী অনুৰাগীৰ এইটোৱে আশা আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া IPLৰ ফাইনেলত অংশ লোৱাৰ পৰা যাতে এই কিংবদন্তি ক্ৰিকেটাৰজন বঞ্চিত নহয়।

Leave A Reply

Your email address will not be published.