চিডনীত ‘নাটু নাটু’, গাৰ্বা নৃত্যৰে আদৰণি প্ৰধানমন্ত্ৰী মোদীক

অষ্ট্ৰেলিয়া ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চিডনীত ভাৰতীয় সম্প্ৰদায়ৰ উষ্ম আদৰণি। Indian-Australian Diaspora Fundationৰ উদ্যোগত চিডনীৰ অলিম্পিক পাৰ্ক এলেনাত আয়োজিত এই সমাৱেশত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পাৰস্পৰিক বিশ্বাস আৰু শ্ৰদ্ধাৰ ওপৰত ভাৰত–অষ্ট্ৰেলিয়াৰ সম্পৰ্ক প্ৰতিষ্ঠিত বুলি মন্তব্য কৰে। চিডনীৰ আকাশত বিমানেৰে ‘ৱেলকাম মোদী’ উদ্ভাসিত কৰাৰ লগতে ভাৰতীয়মূলৰ লোকসকলে নাটু নাটু গীত আৰু গাৰ্বা নৃত্যৰে মোদীক আদৰণি জনায়। কেবাশ লোকে অংশগ্ৰহণ কৰা এই সমাৱেশত প্ৰতিজন ভাৰতীয় মূলৰ লোকে প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসাৰে ওপচাই পেলায়। ‘মোদী এয়াৰৱেজ’ ৰূপে নামকৰণ কৰা এখন বিশেষ চাৰ্টাৰ্ড বিমানেৰে কেৱল মোদীৰ দৰ্শন লাভৰ বাবেই মেলবৰ্ণৰ পৰা চিডনীত উপস্থিত হয় দুই শতাধিক লোক। অষ্ট্ৰেলিয়া চৰকাৰৰ অতিথিৰূপে চিডনীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবাণিজৰ সতেও দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। প্ৰধানমন্ত্ৰী মোদীৰ ত্ৰিদেশীয় ভ্ৰমণসূচীৰ এয়া তৃতীয় তথা অন্তিম কাৰ্যসূচী। জাপানত অনুষ্ঠিত G-7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ পিছত দ্বীপৰাষ্ট্ৰ পাপুৱা নিউগিনি ভ্ৰমণ সামৰি সোমবাৰে সন্ধিয়া চিডনীত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰমুজ প্ৰণালীৰ নিয়ম উলংঘাকাৰী জাহাজক জৰিমনা আৰু জব্দ কৰাৰ হুংকাৰ ইৰানৰ

বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তি পৰিবহন পথ হৰমুজ প্ৰণালীৰে চলাচল...

কেৰালাৰ কাজীয়া লিজ মেজোৰ শিৰত ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট

কেৰালাৰ মাৱেলিক্কৰাৰ অধিবাসী কাজীয়া লিজ মেজোৱে ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া...

২০৩৫ চনৰ ভিতৰত ভাৰতৰ থাকিব নিজা মহাকাশ কেন্দ্ৰ: ইছৰ’ৰ অধ্যক্ষ

ভাৰতে ২০৩৫ চনৰ ভিতৰত 'ভাৰতীয় অন্তৰীক্ষ ষ্টেচন' (BAS) নামৰ...