‘প্ৰণৱ এটা মিছলীয়া, ৭-৮জনী পত্নী আছে’

SI জোনমণি ৰাভাৰ মৃত্যুক লৈ নিজকে দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰি ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা প্ৰণৱ দাসক সন্দেহ ঘনীভূত হৈছে। জোনমণি ৰাভাৰ মৃত্যুৰ দিনা প্ৰকৃততে ক’ত আছিল প্ৰণৱ দাস। প্ৰণৱৰ আচল পৰিচয় কি? প্ৰণৱ দাসৰ গাঁৱৰ লোকৰ দাবী সেইদিনটোত প্ৰণৱ দাস আছিল বোকাখাটৰ ৰজাবাৰীত। ফাৰ্মাচীত বহিছিল, নাম ঘৰত প্ৰসাদ খাইছিল। প্ৰণৱৰ পত্নীৰ দাবী প্ৰণৱ এটা মিছলীয়া। সাত-আঠজনীমান পত্নী আছে।

‘প্ৰত্যক্ষদৰ্শী’ প্ৰণৱ দাসক লৈ সন্দেহ ঘনীভূত
প্ৰণৱৰ প্ৰকৃত নাম নালিয়া ওৰফে পংকজহে
জোনমণিৰ মৃত্যুৰ দিনা প্ৰণৱ আছিল বোকাখাটৰ ৰজাবাৰীত
ৰজাবাৰীৰ ফাৰ্মাচীলৈ গৈছিল, নামঘৰত প্ৰসাদ খাইছিল
প্ৰণৱৰ দ্বিতীয় পত্নীৰ বিস্ফোৰক মন্তব্য
‘প্ৰণৱ এটা মিছলীয়া, ৭-৮জনী পত্নী আছে’

আৰক্ষী, সাংবাদিককে ধৰি তদন্তকাৰীৰ ওচৰত নিজকে প্ৰণৱ দাস বুলি চিনাকি দিয়া এওঁ বোলে প্ৰণৱ নহয়, নালিয়াহে। পংকজ বুলিও জানে স্থানীয় লোকে। এতিয়া কিন্তু প্ৰণৱ বুলিয়েই ৰাজ্য জুৰি চিনাকি। এক প্ৰকাৰ তাৰকাতেই পৰিণত হৈছে। প্ৰণৱে SI জোনমণি ৰাভাৰ মৃত্যুক লৈ যি বৰ্ণনা দিছিল সেয়া লাহে লাহে মিছা বুলি প্ৰমাণ হ’বলৈ গৈ আছে। শেহতীয়াকৈ প্ৰণৱৰ দ্বিতীয় পত্নীয়ে দিলে বিস্ফোৰক মন্তব্য–

প্ৰণৱ দাস এটা মিছলীয়া
তাৰ নামো প্ৰণৱ নহয়, পংকজ ওৰফে নালিয়াহে
তাৰ ৭-৮ গৰাকী পত্নী আছে

এই মহিলাগৰাকীৰ অভিযোগে প্ৰণৱ দাসৰ কথাৰ বিশ্বাস যোগ্যতা অধিক হ্ৰাস কৰিলে। এতিয়া প্ৰশ্ন হ’ল
জোনমণি ৰাভাৰ মৃত্যু দিনা প্ৰকৃততে প্ৰণৱ আছিল ক’ত? প্ৰণৱ দাসে বাস কৰা বোকাখাত ৰজাবাৰীৰ একাংশ লোকৰ ভাষ্য শুনিলে আপুনিয়ে হতভম্ব হৈ পৰিব।
১৫ মে’ত ক’ত আছিল প্ৰণৱ?
ৰজাবাৰীৰ এখন ফাৰ্মাচীৰ চি চি টিভিত বন্দী হৈছে সন্ধিয়া প্ৰণৱে দোকানখনত প্ৰৱেশ কৰাৰ দৃশ্য। বহুসময় ফাৰ্মাচীখনতে আছিল প্ৰনৱ। সেই সময়ত ঔষধৰ দোকান খনত প্ৰনৱ দাসৰ সৈতে চি চি টিভিত বন্দী হোৱা আন লোক কেইবাজনে কি মন্তব্য কৰিছে শুনক। সেইদিনা স্থানীয় নামঘৰতো উপস্থিত আছিল প্ৰণৱ দাস। নামঘৰ পৰিচালনা সমিতিৰ সম্পাদকে নিশ্চিত কৰিলে এই কথা!

প্ৰণৱে গুৱাহাটীৰ পৰা চলাই অহা বুলি দাবী কৰা গাড়ীখনৰ মালিকে গাড়ীখন প্ৰণৱে চলোৱা নাছিল বুলি তথ্য–প্ৰমাণ দাঙি ধৰিছে। তেন্তে ঘটিছে কি? মিছা মাতিছে নেকি প্ৰণৱে?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...