আঁঠু, ভৰি, কিলাকুটি আৰু হাততো আঘাত পাইছিল জোনমণিয়ে

0 4,785

এগৰাকী কন্যাক হেৰুৱাই বিধ্বস্ত হৈ পৰা মাতৃয়ে মূৰ তুলি উঠিছে। উদ্দেশ্য- ন্যায় লাগে। শিৱ মন্দিৰত এভাগি সেৱা জনাই আত্মীয় আৰু এজন অধিবক্তা সহিতে নগাঁৱলৈ ৰাওনা হৈছে জোনমণি ৰাভাৰ মাতৃ। জখলাবন্ধা থানাত এজাহাৰ দাখিল কৰিব জোনমণিৰ মাতৃয়ে।

জোনমণিৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য
পিচমূৰত আঘাত, মগজুৰ ৰক্তক্ষৰণ, হৃদপিণ্ডৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু
মূৰ, মগজু আৰু তল পেটৰ অভ্যন্তৰত পাইছিল আঘাত
আঁঠু, ভৰি, কিলাকুটি আৰু হাততো আঘাত পাইছিল জোনমণিয়ে
পৰিয়ালক নজনোৱাকৈ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা কৰাৰ অভিযোগ

ইফালে, শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জোনমণিৰ পৰিয়ালে। বৰ্তমান CIDৰ তদন্তৰ ওপৰত আস্থা ৰাখিছে জোনমণিৰ পৰিয়ালে। পৰিয়ালৰ মতে ‘CIDৰ তদন্তত আশ্বস্ত নহ’লে আমি বিচাৰিম CBIৰ তদন্ত’।

এই সমূহৰ সমান্তৰালকৈ ইতিমধ্যে বিৰামহীন গতিত আগবাঢ়িছে CIDৰ তদন্ত
নগাঁৱৰ ASP ৰূপজ্যোতি কলিতাক পুনৰ তলব CIDৰ
মৰিকলং থানাৰ SI মনোজ বৰুৱাকো জেৰা CIDৰ দলৰ
সদৰ থানাৰ OC মনোজ ৰাজবংশীকো পুনৰ জেৰা চলাব CIDয়ে
প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসকো জেৰা অব্যাহত CIDৰ
IC আভাজ্যোতি ৰাভাও আছে CIDৰ জেৰাৰ আওঁতাত
শেহতীয়াভাৱে মাৰাথন জেৰাৰ সন্মুখীন চালক সুমিত কুমাৰো

ঘটনাৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত প্ৰতিজন লোকক মাৰাথন জেৰা চলাইছে CIDয়ে। সূক্ষ্মাতিসূক্ষ্মভাৱে অনুসন্ধান কৰিছে প্ৰতিটো বিষয়। এই দৃশ্য জখলাবন্ধাৰ সৰুভগীয়াৰ। যি স্থানত সংঘটিত হৈছিল মূল দুৰ্ঘটনাটো সেই স্থানলৈ লো যোৱা হল সেই নিশাৰ জোনমণিৰ গাড়ীত খুন্দা মৰা ট্ৰাকখনৰ চালক সুমিত কুমাৰক। বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰা চালক সুমিত কুমাৰক প্ৰথমে লৈ যোৱা হয় স্বাস্থ্য পৰীক্ষাৰ বাবে। তাৰ পাছত পোনে পোনে ঘটনাস্থলীললৈ লৈ যায় সুমিতক। ইয়াৰ পিছতে লৈ যোৱা হয় মহকুমা ন্যায়িক আদালতলৈ। নিশা নগাঁও পুলিচ গেষ্ট হাউছতো পুৱতি নিশা ৩ বজালৈকে সুমিত কুমাৰক জেৰা কৰে CIDয়ে।

মৰণোত্তৰ পৰীক্ষা কৰা দুই চিকিত্সককো তলব কৰিছে CIDয়ে। মৰণোত্তৰ প্ৰতিবেদনৰ টেকনিকেল কথা জানিবলৈ দুই চিকিত্সকক তলব কৰিছে CIDয়ে। CIDয়ে জেৰা চলাইছে লখিমপুৰৰ আমিনা খাতুনৰ পুত্ৰ আজগৰ আলীকো। আজগৰ আলীয়েই অভিযোগ আনিছিল জোনমণিয়ে ৬ লাখ টকা লোৱাৰ। আৰক্ষীৰ ইনফৰ্মাৰ হাছিনা বেগম আছে সম্প্ৰতি জোনমণিৰ ঘৰত। মৃত্যু ভয়ত সময় কটাইছে হাছিনাই ASP ৰুণা নেওগকো মাতি অনা হৈছে ডিজিপি কাৰ্যালয়লৈ। বিৰামহীন গতিত চলিছে তদন্ত। বিভিন্ন ঠাল ঠেঙুলিৰে এজোপা বটবৃক্ষৰক দৰেই ডাঙৰ হৈ পৰিছে এই সমগ্ৰ ঘটনা। অতি সূক্ষ্মভাৱে চি আই ডিয়ে এই ঘটনাৰ তদন্ত নকৰিলে সাৰি যাব পাৰে বহু লোক। বাচি যাব পাৰে মূল অভিযুক্ত। জোনমণিৰ মৃত্যু যেন এটা ইংগিত। পাহাৰসম দুৰ্নীতিৰ পৰ্দা আতৰি যোৱাৰ ভয়ত জোনমণিৰ মুখ বন্ধ কৰি দিয়া হল বুলি সন্দেহ কৰিছে এতিয়া লাখ লাখ মানুহে। সেই মানুহৰ সন্দেহক গুৰুত্ব দিবই লাগিব অসম আৰক্ষীয়ে। খবৰৰ সোতত উটি যাবলৈ দিব নোৱাৰি এই স্পৰ্শকাতৰ ঘটনা।

Leave A Reply

Your email address will not be published.