বুকুত পেচমেকাৰ লৈ এভাৰেষ্ট আৰোহণৰ সপোন আধৰুৱা

১৯৫৩ চনৰ ২৯ মে’ৰ দিনা টেনজিং নৰগে আৰু এডমাণ্ড হিলাৰীয়ে এভাৰেষ্টৰ শীৰ্ষত প্ৰথমবাৰলৈ পদাৰ্পণ কৰাৰ পিছত বিশ্বৰ সৰ্বোচ্চ চূড়া আৰোহণ কৰিছে অসংখ্যজনে। প্ৰতিকুল বতৰ,বিপদসংকুল পথ নেওচি এভাৰেষ্টলৈ প্ৰতিবছৰে অভিযান চলাইছে অনেক পৰ্বতাৰোহীয়ে। শেহতীয়াকৈ এভাৰেষ্ট অভিযানৰ কালত আকস্মিকভাৱে কৰুণ মৃত্যু হৈছে এগৰাকী ভাৰতীয় মহিলা পৰ্বতাৰোহীৰ। এক প্ৰতিবেদন।

বুকুত পেচমেকাৰ লৈ এভাৰেষ্ট আৰোহণৰ সপোন আধৰুৱা

বেছ কেম্পতে হৃদৰোগত আক্ৰান্ত এগৰাকী ভাৰতীয় মহিলা পৰ্বতাৰোহী

ছুজান লিঅ’পল্ডিনা জিচাছ নামৰ মহিলাগৰাকীৰ লুকলাৰ হাস্পতালত মৃত্যু

সকলো বাধা নিষেধ উপেক্ষা কৰি অব্যাহত ৰাখিছিল এভাৰেষ্ট অভিযান

পৃথিৱীৰ সৰ্বোচ্চ চূড়া এভাৰেষ্টৰ শীৰ্ষত ভৰি দিবলৈ মানুহৰ হেঁপাহৰ অন্ত নাই। শেহতীয়াকৈ এভাৰেষ্টত উঠিছে অভিলেখৰ জোৱাৰ। বিভিন্নজন পৰ্বতাৰোহীয়ে বিভিন্ন ধৰণৰ অভিলেখ গঢ়িছে এভাৰেষ্টৰ বক্ষত। এতিয়ালৈকে ৩ শতাধিক পৰ্বতাৰোহীৰ এভাৰেষ্ট অভিযানত মৃত্যু হোৱাৰ পিছতো এভাৰেষ্ট আৰোহণৰ দুৰাকাংক্ষা কমা নাই মানুহৰ। এইবাৰ দুৰাকাংক্ষাৰ বাবে প্ৰাণ বলি দিবলগীয়া হ’ল মহাৰাষ্ট্ৰৰ এগৰাকী মহিলা ছুজান লিঅ’পল্ডিনা জিচাছে।

পেচমেকাৰ লৈ ৮,৮৪৯ মিটাৰ ওখ এভাৰেষ্ট আৰোহণৰ স্বপ্ন আছিল ছুজানৰ

সপোন দেখিছিল পেচমেকাৰ লৈ বিশ্বৰ সৰ্বোচ্চ চূড়াত থিয় হোৱা প্ৰথম এছিয় মহিলা হোৱাৰ

৫৯ বছৰীয়া মহাৰাষ্ট্ৰৰ মহিলাগৰাকীয়ে এভাৰেষ্ট আৰোহণৰ বাবে চলাইছিল প্ৰস্তুতি

এই অভিযানৰ বাবে চলোৱা প্ৰস্তুতিৰ মাজতে এভাৰেষ্টৰ বেছকেম্পত হঠাৎ অসুস্থ হৈ পৰে ছুজান জিচাছ। প্ৰায় ১৮ হাজাৰ ফুট উচ্চতাত অৱস্থিত বেছকেম্পত উশাহ লওতে যথেষ্ট কষ্ট পাইছিল তেওঁ। এভাৰেষ্টৰ বেছকেম্পৰ পৰা মাথোঁন ২৫০ মিটাৰ আঁতৰত থকা ক্ৰম্পটন পইণ্টলৈ আৰোহণৰ বাবে ছুজানক সময় লাগিছিল প্ৰায় ৫ঘণ্টা। অথচ অন্য পৰ্বতাৰোহীয়ে সেই দূৰত্ব অতিক্ৰম কৰিছিল মাঁথোন ১৫–২০ মিনিটত। প্ৰথমতে এভাৰেষ্টৰ বেছকেম্পৰ পৰা আঁতৰি আহিব বিচৰা নাছিল যদিও পিছত বলপূৰ্বকভাৱে তেওঁক নিম্ন উচ্চতাত থকা লুকলালৈ উন্নত চিকিত্সাৰ বাবে প্ৰেৰণ কৰা হৈছিল। চিকিত্সাধীন অৱস্থাতে বৃহস্পতিবাৰে দুৰ্ভাগ্যজনকভাৱে মৃত্যু হয় ছুজান লিঅ’পল্ডিনা জিচাছৰ।

চলিত বৰ্ষত এভাৰেষ্ট অভিযানত এতিয়ালৈ মৃত্যু ৮ পৰ্বতাৰোহীৰ

মাউণ্ট মাকালুৰ পৰা উদ্ধাৰ এগৰাকী ভাৰতীয় মহিলা পৰ্বতাৰোহী পিয়ালি বসাকক

কৃত্ৰিম অক্সিজেনৰ সহায় নোলোৱাকৈ ৮,৪৮৫ মিটাৰ ওখ মাকালু আৰোহণ কৰিছিল পিয়ালিয়ে

শিখৰৰ পৰা নামি অহাৰ পথত অসুস্থ হৈ পৰিছিল তেওঁ

পূৰ্বেও দুগৰাকী ভাৰতীয় পৰ্বতাৰোহীক মাউণ্ট অন্নপূৰ্ণাৰ পৰা কৰা হৈছিল উদ্ধাৰ

অনুৰাগ মালু, বলজিৎ কৌৰৰ সেই উদ্ধাৰ কাহিনীয়ে সৃষ্টি কৰিছিল চাঞ্চল্যৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হঠাৎ আহিল ক’লা বৰষুণ, এখন দেশত লাগিল হাহাকাৰ…

কেতিয়াবা আপুনি বাৰু ক’লা বৰষুণৰ কথা কল্পনা কৰিছেনে? আপুনি...

NEET UG পুনঃপৰীক্ষাৰ বাবে টেলিগ্ৰামৰ ওপৰত নিষেধাজ্ঞা; দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম

NEET UG পৰীক্ষাৰ পূৰ্বে চৰকাৰে অস্থায়ীভাৱে টেলিগ্ৰাম নিষিদ্ধ কৰাৰ...

কফ চিৰাপ কিনাৰ বাবেও লাগিব চিকিৎসকৰ প্ৰেছক্ৰিপছন

এতিয়াৰে পৰা কফ চিৰাপ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত জাৰি কৰা হৈছে...