মুখ খুলিব বিচাৰিছিল নেকি জোনমণিয়ে?

0 10,621

মুখ খুলিব বিচাৰিছিল নেকি জোনমণিয়ে? বন্ধ কৰি দিয়া হ’ল নেকি জোনমণিৰ মুখ? দুৰ্ঘটনাৰ পৰা এটা ‘সন্দেহজনক হত্যাকাণ্ড’লৈ গতি কৰিছে জোনমণি ৰাভাৰ মৃত্যু ৰহস্য। পোহৰলৈ আহিছে আৰক্ষী-মাফিয়াৰ গোপন মিতিৰালি। নহ’লে আৰক্ষীৰ নাকৰ তলতেই কেনেকৈ চলি আছিল নকল সোণ আৰু টকাৰ এক বৃহত নেক্সাছ? এই ঘটনাত কেঁচু খান্দোতে ওলাই পৰা প্ৰতিডাল সাপৰ বিষ বৰ চোকা। এই সাপবোৰৰে দংশনত ধৰাশায়ী হৈ পৰিল নেকি জোনমণি ৰাভা!
দুৰ্ঘটনাৰ পৰা এটা ‘সন্দেহজনক হত্যাকাণ্ড’লৈ!
নকল সোণৰ ব্যৱসায়ৰ পৰা এটা বৃহৎ নেক্সাছলৈ!

গতি কৰিছে জোনমণি ৰাভাৰ মৃত্যু ৰহস্য। এই ঘটনাৰ মূল কিমান দ লৈকে শিপাই আছে সেয়া ভাৱি হতভম্ভ হৈ পৰিছে লাখ লাখ সাধাৰণ লোক। তাতোকৈ ডাঙৰ কথা- জোনমণিৰ ‘সন্দেহজনক হত্যা’ই মোকলাইছে বহু গোপন অধ্যায়। লাহে লাহে পোহৰলৈ আহিছে আৰক্ষী-মাফিয়াৰ গোপন মিতিৰালি।
CIDৰ সমান্তৰালকৈ সংবাদ মাধ্যমৰ হাততো একাধিক তথ্য।

ইতিমধ্যে, DGP জি পি সিঙে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। CIDৰ প্ৰতিবেদনত ভিত্তিত ব্যৱস্থা লোৱা হ’ব বুলি আশ্বাস দিছে। বিষয়টোত নগাঁও, লখিমপুৰ আৰক্ষীৰ নামো সাঙোৰ খাইছে। আজি লখিমপুৰত তিনিজনীয়া CIDৰ দলে আৰম্ভ কৰিছে তদন্ত। পুৱাতেই আমিনা খাতুনৰ বাসগৃহত উপস্থিত হৈছে CIDৰ দল। সদা সষ্টম হৈ সূক্ষ্মাতিসূক্ষ্মভাৱে বিষয়ক অনুসৰণ কৰিছে সাংবাদিকেও। CIDৰ জেৰাৰ সময়তে-
NKTVৰ সন্মুখত আমিনা খাতুনৰ পুত্ৰৰ বিস্ফোৰক মন্তব্য
জোনমণিয়ে ৬ লাখ টকা লোৱাৰ কথা দাবী আজগৰ আলীৰ

এইজন আজগৰ আলীৰ মাতৃ আমিনা খাতুনেই জোনমণি আৰু ২ অভিযুক্তৰ বিৰুদ্ধে লখিমপুৰ থানাত গোচৰ তৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত 183/23 নম্বৰত গোচৰ ৰুজু হৈ আছে থানাত। আমিনা খাতুনৰ কথা-বতৰাতো পোৱা গৈছে নকল সোণ আৰু টকাৰ এক বৃহত লেনদেনৰ আভাস। লাখে লাখে টকাৰ দৰদাম চলিছিল এই নেক্সাছত।
এতিয়া প্ৰশ্ন হয়, এই গোপন নেক্সাছ আৰক্ষীৰ নাকৰ তলতেই চলি আছিল কেনেকৈ?
নে বহু বাঘা বাঘা আৰক্ষীৰ পকেটলৈকো গৈছিল ক’লা বেহাৰ ধন?
মুখ খুলিব বিচাৰিছিল নেকি জোনমণিয়ে?
বন্ধ কৰি দিয়া হ’ল নেকি জোনমণিৰ মুখ?

জোনমণিৰ এই মৃত্যুৱে উদঙাইছে আৰক্ষী-অপৰাধীৰ গোপন সম্পৰ্ক। খোদ আৰক্ষীৰ ইনফৰ্মাৰ হাছিনা বেগমৰ ভাষ্যইও ইতিমধ্যে উন্মোচিত কৰিছে বহু তথ্য। নকল সোণৰ ব্যৱসায়টোক কেন্দ্ৰ কৰি যেন নগাঁও-লখিমপুৰ আৰক্ষীৰ মাজত সংঘাত। DGPক সাক্ষাৎ কৰি ইনফৰ্মাৰ হাছিনাই দাখিল কৰিব লিখিত অভিযোগ। কিন্তু কিমান দূৰলৈকে যাব এই তদন্ত। এই ঘটনাত কেঁচু খান্দোতে ওলাই পৰা প্ৰতিডাল সাপৰ বিষ বৰ চোকা। এই সাপবোৰৰে দংশনত ধৰাশায়ী হৈ পৰিল জোনমণি ৰাভা। এই মৃত্যু সহজ নহয়, এই মৃত্যু আপেক্ষিক নহয়। কিন্তু ইয়াৰ সঠিক তদন্ত অতিকৈ প্ৰয়োজন।

Leave A Reply

Your email address will not be published.