আপুনি ৰীলছ বনাই নেকি? আপোনাৰ পত্নী, প্ৰেয়সীয়ে?

ৰীলছ বনাই ধেমালি কৰি থাকোঁতেই বিপদত পৰিছে এজন পতি আৰু এগৰাকী পত্নী। পত্নীৰ মতে পতিয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিছে তেওঁৰ নগ্ন ফটো। পতিৰ মতে এই অভিযোগ সত্য নহয়। অভিযোগ প্ৰতি অভিযোগৰ মাজতে লাহোৱাল আৰক্ষীয়ে আটক কৰিছে পতিক। সংসাৰত লাগিছে জুই, সকলো যেন খেলিমেলি।
……………………………………
আপুনি ৰীলছ বনাই নেকি? আপোনাৰ পত্নী, প্ৰেয়সীয়ে?
তেন্তে সাৱধান! দেৰগাঁৱৰ ব্ৰীতম হাজৰিকা নামৰ এই যুৱকজন এতিয়া চৰম বিপদত পৰিছে। সমান্তৰালভাৱে বিপদত পৰিছে তেওঁৰ পত্নীও। অভিযোগ-প্ৰতি অভিযোগৰ মাজতে লাহোৱাল আৰক্ষীয়ে আটক কৰিছে ব্ৰীতমক।
পত্নীৰ নগ্ন ছবি ছচিয়েল মিডিয়াত ভাইৰেলৰ অভিযুক্ত ব্ৰীতম
পত্নীৰ এজাহাৰৰ ভিত্তিত ব্ৰীতমক আটক লাহোৱাল আৰক্ষীৰ
কিন্তু ঘটনা ক্ৰমাত ৰহস্যৰ মাজলৈ গতি কৰিছে। পত্নীয়ে কয় এটা, পতিয়ে কয় এটা।
পতিৰ মতে নগ্ন ফটো আপলোড কৰা ফেচবুক একাউণ্ট চলায় পত্নীয়ে

ব্ৰীতমৰ লগত না একাউণ্ট আছে, না পাছৱৰ্ড
পৰপুৰুষৰ সৈতে ৰীলছ বনাই পত্নীয়ে

এনেবোৰ কাৰণতে বহাগ বিহুত আত্মহত্যাৰো চেষ্টা চলাইছিল বুলিও মন্তব্য কৰিছে বিত্ৰমে । লগতে বিত্ৰমে ক’লে – ” মই ঘৰতে আছো । পলোৱা নাই । আৰক্ষীয়ে বিচাৰিলেই মই থানালৈ যাবলৈ সাজু । বিত্ৰমৰ পিতৃ-মাতৃৰো একেই কথা । আৰক্ষীৰ হাতত পুত্ৰক গতাই দিবলৈ সাজু পিতৃ-মাতৃ । লাগে উচিত তদন্ত। ইফালে পত্নীৰ কথা বেলেগ। এবছৰ পূৰ্বে এই যুৱকজনে প্ৰেমৰ প্ৰলোভন দেখুৱাই যুৱতীগৰাকীক দেৰগাঁওৰ নিজ গৃহলৈ পলুৱাই নিছিল যুৱকজনে বুলি মন্তব্য পত্নীৰ। দুমাহ থকা পিছতে স্বামী অত্যাচাৰ সহ্য কৰিব নোৱাৰি পুনৰ নিজ গৃহলৈ ঘুৰি আহে বিবাহিতা যুৱতীগৰাকী।

বিবাহৰ সময়ত যুৱতীগৰাকীৰ বয়স আছিল কেৱল মাত্ৰ ১৪ বছৰ
স্বামী ঘৰলৈ ঘূৰি নাহিলে নগ্ন ছবি ভাইৰেলৰ ভাবুকি
ব্ৰীতমেই ভাইৰেল কৰিছে পত্নীৰ ফটো

কোন সঁচা-কোন মিছা ? ব্ৰীতমৰ এনে মন্তব্যৰ পিছতে এতিয়া কাহিনীয়ে লৈছে অন্য ৰূপ । আৰক্ষীৰ উচিত তদন্ততহে পোহৰলৈ আহিবলৈ প্ৰকৃত সত্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাত ভাৰতৰ ২৮ বছৰীয়া যুৱকক গুলীয়াই হত্যা

পুনৰ আমেৰিকাত ভাৰতীয় যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। আমেৰিকাৰ ফেলাডেলফিয়াৰ...

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...