মিডিয়া ক্ৰিকেটত ক্ৰমাগত তৃতীয়বাৰৰ বাবে চেম্পিয়ন গুৱাহাটী প্ৰেছ ক্লাব

অসম ক্ৰীড়া সাংবাদিক সন্থাই আয়োজন কৰা টপচেম এ এছ জে এ আন্তঃ সংবাদ মাধ্যম টি-২০ ক্ৰিকেট চেম্পিয়নশ্বিপত পুনৰ চেম্পিয়ন হ’ল ডিফেণ্ডিং চেম্পিয়ন গুৱাহাটী প্ৰেছ ক্লাব। নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল খেলত গুৱাহাটী প্ৰেছ ক্লাবে ৮ ৰানত পৰাস্ত কৰিলে মিডিয়া মেনেজমেণ্টক। প্ৰতিকুল বতৰৰ বাবে ১০ অ’ভাৰকৈ অনুষ্ঠিত হয় খেল। প্ৰথমে বেটিং কৰি গুৱাহাটী প্ৰেছ ক্লাবে ১০ অ’ভাৰত ২ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৮৮ ৰান। গুৱাহাটী প্ৰেছ ক্লাবৰ হৈ ৰাজ হুছেইনে অপৰাজিত ৩২, মৃগাংক শৰ্মাই ৩১ আৰু অধিনায়ক বিনয় কলিতাই ১৪ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত মিডিয়া মেনেজমেন্টে ১০ অ’ভাৰত ৬ উইকেটত ৮০ ৰান কৰিয়ে সামৰে ইনিংছ। মিডিয়া মেনেজমেণ্টৰ ইনিংছ ৮০ ৰানতে স্তব্ধ কৰাত মুখ্য ভূমিকা লোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ মৌচম দত্তই ২টা, বিনয় কলিতা, সঞ্জীৱ বেজবৰুৱা আৰু ৰবীন দাসে দখল কৰে এটাকৈ উইকেট। ফাইনেলৰ মেন অব দ্য মেচ সন্মান লাভ কৰে গুৱাহাটী প্ৰেছ ক্লাবৰ উইকেটৰক্ষক- বেটাৰ মৃগাংক শৰ্মাই। আনহাতে গুৱাহাটী প্ৰেছ ক্লাবৰ ৰুহুল আমিনে লাভ কৰে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ফিল্ডাৰৰ সন্মান। স্বাভাৱিকতে সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰাকক্ষণত এই জয়ে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিজন সদস্য আৰু শুভাকাংক্ষীক আনন্দিত কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী

দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী। ৪৩ বছৰৰ মূৰত...

ভূমিকম্পৰ জোকাৰণি, চৌদিশে হাহাকাৰ

পুৱতি নিশা চুবুৰীয়া ৰাষ্ট্ৰ নেপালত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। আজি...

২ভাতৃক অপহৰণ কৰি হত্যা, টংলাৰ জঘন্য কাণ্ডই কঁপাইছে অসম

টংলাৰ নিৰুদ্দিষ্ট ২ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ। ডিঙি কটা অৱস্থাত...

অজ্ঞাত স্থানত অপহৃত মুছলেক আলিক মুকলি অপহৰণকাৰীৰ

অজ্ঞাত স্থানত অপহৃত মুছলেক আলিক মুকলি অপহৰণকাৰীৰ। চৰাইদেউৰ নামতোলাৰ...