মিডিয়া ক্রিকেটৰ ফাইনেলত গুৱাহাটী প্ৰেছ ক্লাব

সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰাক ক্ষণত গুৱাহাটী প্ৰেছ ক্লাৱে পুনৰ এবাৰ মিডিয়া ক্ৰিকেটৰ ফাইনেলত স্থান নিশ্চিত কৰিলে। অসম ক্ৰীড়া সাংবাদিক সন্থাই আয়োজন কৰা টপচেম এ এছ জে এ ক্ৰিকেট প্ৰতিযোগিতাত ক্ৰমাগতভাবে তৃতীয়বাৰৰ বাবে ফাইনেলত স্থান নিশ্চিত কৰিলে গুৱাহাটী প্ৰেছ ক্লাৱে।

নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত এখন মেচত আয়োজক অসম ক্ৰীড়া সাংবাদিক সন্থাক ৬ ৰানত পৰাস্ত কৰিলে গুৱাহাটী প্ৰেছ ক্লাৱে। টছত জয়ী হৈ প্ৰথমে বেটিং কৰি গুৱাহাটী প্ৰেছ ক্লাৱে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৬০ ৰান।

গুৱাহাটী প্ৰেছ ক্লাৱৰ হৈ মৃগাংক শৰ্মাই ৬২, অধিনায়ক বিনয় কলিতাই অপৰাজিত ৪৫ আৰু সঞ্জীৱ বেজবৰুৱাই আগবঢ়াই ২৪ ৰানৰ অৱদান। প্ৰত্যুত্তৰত অসম ক্ৰীড়া সাংবাদিক সন্থাই ১৫৪ ৰানতে সামৰে ইনিংছ।

গুৱাহাটী প্ৰেছ ক্লাৱৰ হৈ বেটিঙত অপৰাজিত ৪৫ ৰান আৰু বলিঙত ১ উইকেট দখল কৰা বিনয় কলিতা বিবেচিত হয় মেন অব দ্যা মেচ। উল্লেখযোগ্য যে দেওবাৰে অনুষ্ঠিত হব লগীয়া ফাইনেলত গুৱাহাটী প্ৰেছ ক্লাব মুখামুখি হব মিডিয়া মেনেজমেণ্টৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...