অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল নকৰিলেও হ’লহেঁতেন : মুখ্যমন্ত্ৰী

অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল নকৰিলেও হ’লহেঁতেন। স্বয়ং মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মেট্ৰিকৰ অসমীয়া পৰীক্ষা বাতিল কৰাৰ পিছত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীজনে। শনিবাৰে অনুষ্ঠিত হ’বলগীয়া অসমীয়াকে ধৰি ভাৰতীয় ভাষাসমূহৰ প্ৰশ্নকাকত লোহিত খাবলু পৰীক্ষা কেন্দ্ৰৰ পৰা ফাদিল হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে নিশা টুইটযোগে ছেবাক পৰীক্ষা বাতিলৰ পৰামৰ্শ দিছিল। সেই অনুসৰি ছেবাই পৰীক্ষা বাতিল কৰি ১ এপ্ৰিলত পুনৰ পৰীক্ষাৰ দিন ঘোষণা কৰিছিল। লোহিত খাবলু কেন্দ্ৰৰ পৰা বিক্ৰী কৰা প্ৰশ্নকাকতসমূহ মাজুলীত উদ্ধাৰ কৰাৰ বাবেই পৰীক্ষা বাতিলৰ প্ৰয়োজনীয়তা নাছিল যদিও ছাত্ৰ-ছাত্ৰীৰ কথা ভাবিয়েই পৰীক্ষা বাতিল কৰিবলৈ নিৰ্দেশ দিয়া বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বান বিধ্বস্ত নেপাললৈ প্ৰতিদিনে ১৮ ঘণ্টাকৈ বিদ্যুৎ ৰপ্তানি কৰিব ভাৰতে

নেপালৰ বিদ্যুৎ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে।...

আকাশত চন্দ্ৰ–শুক্ৰৰ মনোমোহা যুগলবন্দী! কিয় দেখা গ’ল এই বিৰল দৃশ্য?

আজি, ১৪ ছেপ্টেম্বৰ ২০২৬। অসমৰ সন্ধিয়াৰ আকাশত দেখা গৈছে...

ৰেপিড’ ডেলিভাৰী ৰাইডাৰৰ কাণ্ড! গ্ৰাহকলৈ ‘I Love You’ মেছেজ

নইডাৰ এগৰাকী বাসিন্দাই ৰেপিড’ৰ জৰিয়তে পাৰ্চেল বুক কৰাৰ পাছত...