বন-ঘৰচীয়া ঘোঁৰাই সৌন্দৰ্য বৃদ্ধি কৰিছে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ

বন-ঘৰচীয়া ঘোঁৰাই সৌন্দৰ্য বৃদ্ধি কৰিছে জৈৱ বৈচিত্ৰ্যত সমৃদ্ধ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত। শেহতীয়াকৈ এই ঘোঁৰাৰ জাক ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই গৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বিভিন্ন চৰ-চাপৰিত অৱস্থান কৰা পৰিলক্ষিত হৈছে।

ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান প্ৰখ্যাত বন-ঘৰচীয়া ঘোঁৰাৰ বাবে
ভাৰতৰ একমাত্ৰ ডিব্ৰু ছৈখোৱাতে পোৱা যায় বন-ঘৰচীয়া ঘোঁৰা
২য় বিশ্বযুদ্ধৰ সময়ত সেনাই এৰি যোৱা ঘোঁৰাই হৈ পৰিছিল বনৰীয়া
ৰাষ্ট্ৰীয় উদ্যান এৰি বিভিন্ন চৰ-চাপৰিলৈ ওলাই গৈছে বন-ঘৰচীয়া ঘোঁৰা
জোনাইৰ নদীদ্বীপ কবু চাপৰি, শিৱগুৰিত এনে ঘোঁৰাৰ মুক্ত বিচৰণ


অস্তিত্বৰ সংকটত ভুগিছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বন ঘৰচীয়া ঘোঁৰা। ২য় বিশ্বযুদ্ধৰ সময়তে মিত্ৰ বাহিনীৰ সেনাই এৰি থৈ যোৱা ঘোঁৰাৰ জাক পৰৱৰ্তী সময়ত অৰণ্যৰ ভিতৰত বিচৰণ কৰি বনৰীয়া হৈ পৰে। ডিব্ৰু ছৈখোৱাত পোৱালি জগাই কেইবাটাও প্ৰজন্মৰে এই ঘোঁৰাবোৰৰ চৰিত্ৰ বনৰীয়া হৈ পৰিছে যদিও এই ঘোঁৰাসমূহ বন-ঘৰচীয়া বুলিয়ে প্ৰখ্যাত। কিন্তু শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ঘোঁৰাবোৰ ওলাই গৈ ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে বিভিন্ন চৰ-চাপৰিত বিচৰণ কৰা পৰিলক্ষিত হৈছে। ঘোঁৰাবোৰৰে এটা জাকে ইতিমধ্যে ব্ৰহ্মপুত্ৰ পাৰ হৈ নদীদ্বীপ কবু চাপৰি, শিৱগুৰিত বিচৰণ কৰা প্ৰত্যক্ষ হৈছে।

কবু চাপৰিত ২০টাৰো অধিক বন-ঘৰচীয়া ঘোঁৰাৰ জাক
শিৱগুৰিত ৫০টাৰো অধিক ঘোঁৰাৰ মুক্ত বিচৰণ
পূৰ্বে ডিব্ৰুগড়ৰ সমীপৰ মহাবাহু চাপৰিত দেখা গৈছিল ঘোঁৰাৰ জাক


খাদ্যৰ সন্ধানত ওলাই অহা এই ঘোঁৰাবোৰৰ ৰক্ষণাৱেক্ষণৰ বাবে স্থানীয় ৰাইজে বন বিভাগক দাবী জনাইছে। এই বন-ঘৰচীয়া ঘোঁৰাৰ জাকত দুৰ্লভ বগা ঘোঁৰাও পৰিলক্ষিত হৈছে। ঘোঁৰাখিনি পুনৰ ৰাষ্ট্ৰীয় উদ্যানৰ বক্ষলৈ ওভতাই নপঠিয়ালেঘোঁৰাবোৰ চোৰাং চিকাৰীৰ আক্ৰমণৰ বলি হোৱাৰ আশংকা নথকা নহয়। জোনাইৰ পৰা সত্য হাজৰিকা,

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...

‘ভাৰতৰ অস্ত্ৰই কাম কৰিলে, চীনৰ অস্ত্ৰ-শস্ত্ৰই কাম নকৰিলে’: আমেৰিকাৰ শীৰ্ষ বিশেষজ্ঞ

অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ স্থানীয়ভাৱে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ সফলতাই বিশ্বৰ...

অপাৰেচন সিন্দূৰ : ভাৰতৰ কি কি লাভ হ’ল?পাকিস্তানে কি কি হেৰুৱালে?

ভাৰত চৰকাৰৰ সূত্ৰৰ উদ্ধৃতিৰে টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি,...

IPLৰ বাকী থকা মেচৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি আহিবলৈ ইচ্ছুক নহয় বহু খেলুৱৈ

ভাৰত-পাক সীমান্ত সংঘৰ্ষৰ বাবে এই মুহূৰ্তত উপমহাদেশৰ পৰিস্থিতি উত্তপ্ত।...