ঢকুৱাখনাৰ আকাশ শুৱনি কৰিছে বিলুপ্তপ্ৰায় শগুনে

শগুনৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱাক লৈ বিশ্বৰ পক্ষী বিশেষজ্ঞসকল উদ্বিগ্ন হৈ পৰাৰ সময়তে ঢকুৱাখনাৰ পৰা আহিছে আশাৰ খবৰ। ঢকুৱাখনাৰ কেইবাজোপা গছত শগুনৰ জাকে বাহৰ পাতি বংশ বিস্তাৰ কৰা ঘটনাই উৎফুল্লিত কৰিছে প্ৰকৃতিপ্ৰেমীক।

শগুনৰ আশ্ৰয়স্থললৈ পৰ্যৱসিত পশ্চিম ঢকুৱাখনাৰ কঢ়াঘাট অঞ্চল
৩জোপা গছত থকা ৪টা বাহত ৬০টাৰো অধিক শগুনৰ আশ্ৰয় গ্ৰহণ
তাত চিনাক্ত দুষ্প্ৰাপ্য বগাপিঠীয়া, লাহিঠুটীয়া সহ ৪টা প্ৰজাতিৰ শগুন
চিনাক্ত হৈছে হিমালয়ান শগুন, ভাৰতীয় শগুনৰ প্ৰজাতি

প্ৰকৃতিৰ জামাদাৰ ৰূপে খ্যাত শগুন বিশ্বত ক্ৰমাৎ বিলুপ্তিৰ পথত। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে শগুনে। শগুনে বিভিন্ন ঠাইত পৰি থকা মৃত জীৱ- জন্তু ভক্ষন কৰি প্ৰাকৃতিক সুস্থিৰতা প্ৰদান কৰাৰ লগতে মানৱ সমাজৰো উপকাৰ সাধন কৰি আহিছে। কিন্তু মানুহৰ অদূৰদৰ্শিতা বা অনান্য কাৰকৰ বাবে বিলুপ্তিৰ দিশলৈ গতি কৰিছে শগুনে। এক প্ৰকৃতি সংগঠনে চলোৱা সমীক্ষা অনুসৰি চলিত বৰ্ষত অসমত মৃত্যু হৈছে ৫৯টা শগুনৰ।

২৩ জানুৱাৰীত শিৱসাগৰ পাণবেচাৰ বৰবিলত ২৫টা শগুনৰ মৃত্যু
২২ ফেব্ৰুৱাৰীত মাজুলীৰ জেংৰাইমুখৰ বোকাবিল অঞ্চলত ৬টাৰ মৃত্যু
২৪ ফেব্ৰুৱাৰী ঢকুৱাখনাত মৃত্যু ৬টা শগুনৰ
একেদিনাই কামৰূপৰ ছয়গাঁৱৰ বামুণীগাঁৱত ২টা শগুনৰ মৃত্যু
১৪ মাৰ্চত ডিব্ৰুগড়ৰ জামিৰা পাত্ৰ গাঁৱত ২০টা শগুনৰ মৃত্যু


ইতিমধ্যে, পৃথিৱীৰ পৰা ৯৯ শতাংশ শগুন নোহোৱা হৈ যোৱাৰ সময়তে ঢকুৱাখনাৰ আকাশ শুৱনি কৰিছে বিলুপ্তপ্ৰায় শগুনে। শগুনৰ আশ্ৰয়স্থললৈ পৰ্যৱসিত পশ্চিম ঢকুৱাখনাৰ কঢ়াঘাট অঞ্চল।
৩ জোপা গছত থকা ৪টা বাঁহত ৬০টাৰো অধিক শগুনৰ আশ্ৰয় গ্ৰহণ। তাত চিনাক্ত দুষ্প্ৰাপ্য বগাপিঠীয়া, লাহিঠুটীয়া সহ ৪টা প্ৰজাতিৰ শগুন। চিনাক্ত হৈছে হিমালয়ান শগুন, ভাৰতীয় শগুনৰ প্ৰজাতি।

অঞ্চলটোৰ কেইবাজোপা গছত বছৰ বছৰ ধৰি বিলুপ্তপ্ৰায় শগুনে বাস কৰি অহাৰ লগতে বাঁহ সাজি দুৰ্লভ শগুনে বংশবৃদ্ধি কৰা পৰিলক্ষিত হৈছে। এই কথাই উৎফুল্লিত কৰিছে স্থানীয় প্ৰকৃতিপ্ৰেমীক। অঞ্চলটোত ইতিমধ্যে ৪টাকৈ শগুনৰ বাঁহ চিনাক্ত কৰিছে দীৰ্ঘদিনৰ পৰা শগুন সংৰক্ষনৰ সৈতে জঢ়িত কেইবাজনো প্ৰকৃতিপ্ৰেমী যুৱকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অৱশেষত আস্থা ভোটত জয়ী হ’ল তামিলনাডুৰ থালাপতি বিজয়ৰ চৰকাৰ

যোৱা ১০ মে’ত ৰাজ্যখনত TVKই চৰকাৰ গঠন কৰাৰ পাছত...

চন্দ্ৰমোহন পাটোৱাৰীক বিধানসভাৰ প্ৰ’টেম অধ্যক্ষৰূপে নিযুক্তি

২১ মে’ৰ পৰা আৰম্ভ হ’ব ষষ্ঠদশ বিধানসভাৰ ১মখন অধিৱেশন।প্ৰথমখন...

গুৱাহাটী হাইক’ৰ্টত আজি নহ’ল শ্যামকানু মহন্তৰ জামিনৰ শুনানি

ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াই গ্ৰহণ নকৰিলে শ্যামকানুৰ জামিনৰ আবেদন।ন্যায়াধীশগৰাকীৰ বিচাৰপীঠত...

জামিন লাভ কৰিও সকাহ পোৱা নাই পৱন খেড়াই

দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত কংগ্ৰেছ নেতা পৱন খেড়া।আদালতৰ...