আশাব্যঞ্জক! মাজুলীৰ ৰঙা বাও ধান বিদেশলৈ ৰপ্তানি

ৰাজ্যৰ উৎপাদনমুখী কৃষক আৰু কৃষি খণ্ডৰ বাবে এক আশাব্যঞ্জক আনন্দৰ বতৰা। নদী দ্বীপ জিলা মাজুলীৰ প্ৰাকৃতিকভাৱে উৎপাদিত ৰঙা বাও চাউলে লাভ কৰিছে বিশ্বৰ বজাৰ। কৃষি বিভাগৰ “কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প” (APART)ৰ অধীনত মাজুলীৰ জেংৰাইমুখ কৃষক উৎপাদক কোম্পানী লিমিটেড আৰু গুৱাহাটীৰ নৰ্থ ইষ্ট এগ্ৰ’ প্ৰডাক্ট প্ৰাইভেট লিমিটেডৰ মাজত হোৱা পূৰ্বৰ বুজাবুজি চুক্তি অনুসৰি বুধবাৰে দ্বিতীয়বাৰৰ বাবে জেংৰাইমুখ কৃষক উৎপাদক কোম্পানী লিমিটেডৰ পৰা নৰ্থ ইষ্ট এগ্ৰ’ প্ৰডাক্ট প্ৰাইভেট লিমিটেডলৈ প্ৰায় ২৪০ কুইন্টল ৰঙা বাও ধান প্ৰেৰণ কৰা হয়।

মাজুলী জিলা প্ৰশাসন, জিলা কৃষি বিভাগ, এপাৰ্ট, আত্মা আদিৰ সহযোগত প্ৰেৰণ কৰা এই ৰঙা বাও ধান আমেৰিকা যুক্তৰাজ্য, জাৰ্মানী, আমষ্টাৰডাম, ডুবাই আদি দেশলৈ ৰপ্তানি কৰা হ’ব।

উল্লেখ্য যে, জেংৰাইমুখ কৃষক উৎপাদক কোম্পানী লিমিটেডে ইতিমধ্যে নৰ্থ ইষ্ট এগ্ৰ’ প্ৰডাক্ট লিমিটেডৰ সৈতে ৪৮০০ কুইন্টল ৰঙা বাও ধান যোগান ধৰাৰ বাবে বুজাবুজি চুক্তি কৰিছে। সেই অনুসৰি বিগত মাহত প্ৰথম পৰ্যায়ত ২৪০ কুইন্টল ধান নৰ্থ ইষ্ট এগ্ৰ’ প্ৰডাক্ট লিমিটেডলৈ প্ৰেৰণ কৰা হৈছিল। প্ৰচুৰ পৰিমাণে জিংক আৰু আইৰণ নিহিত তথা দেশ-বিদেশত অত্যধিক চাহিদাপূৰ্ণ এই মাজুলীৰ ৰঙা বাও ধানৰ বিক্ৰী মূল্য শালি ধানৰ নূন্যতম সমৰ্থন মূল্যতকৈও অধিক।

বুধবাৰৰ এই ৰপ্তানি কাৰ্যসূচীত উপস্থিত থাকি মাজুলীৰ জিলা উপায়ুক্ত কাবেৰী বি. শৰ্মাই মাজুলীৰ ৰঙা বাও চাউলৰ এই বিশ্বমুখী যাত্ৰা আগন্তুক সময়ত নিশ্চিতভাৱে অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰাৰ লগতে তেওঁ এই প্ৰক্ৰিয়াৰ সৈতে জড়িত কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী, কৃষক উৎপাদক কোম্পানীৰ বিষয়ববীয়া আৰু কৃষক ৰাইজক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰে। এই ৰপ্তানি কাৰ্যসূচীত জিলা কৃষি বিষয়া ঈৰ্চাদ আলী, কৃষি পৰামৰ্শদাতা ড° ইমৰাণ হুছেইন, কৃষি উন্নয়ন বিষয়া, কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী, কৃষক উৎপাদক কোম্পানীৰ বিষয়ববীয়া আৰু কৃষক ৰাইজ উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

বৰপেটাত বৃহৎ চাইবাৰ জালিয়াতি চক্ৰ উৎখাত: আৰক্ষীৰ জালত ৩ অভিযুক্ত

বৰপেটা জিলা আৰক্ষীয়ে এক বৃহৎ সফলতা অৰ্জন কৰি জিলাখনত...

অসম ক্ৰিকেট সন্থাৰ উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ নিলামৰ বাবে খেলুৱৈৰ তালিকা যুগুত

অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ খেলুৱৈৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা...