ৰাজ্যৰ ১৫খনকৈ চহৰৰ মাষ্টাৰপ্লেনত অনুমোদন

কেইবাগৰাকীও বিধায়কৰ উপস্থিতিত নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ সৈতে মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূৰ্ণ বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ কেইবাগৰাকীও বিধায়কৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত ৰাজ্যৰ ১৫ খনকৈ চহৰৰ মাষ্টাৰপ্লেনত অনুমোদন জনোৱা হয়৷ এই চহৰসমূহ হৈছে তিনিচুকীয়া, চাবুৱা, ডুমডুমা, মাকুম, ডিগবৈ, ঢেকিয়াজুলি, নলবাৰী, টিহু, তিতাবৰ, টীয়ক, নাৰায়ণপুৰ, বিহপুৰীয়া, বৰপথাৰ, সৰুপথাৰ আৰু গোসাইগাঁও৷ বৈঠকত তিনিচুকীয়াৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণ, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা, তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞা আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰতিনিধি বিষয়াসকল উপস্থিত থাকে৷

বৈঠকত সৰ্বসন্মতিক্ৰমে হোৱা সিদ্ধান্ত অনুসৰি মন্ত্ৰী সিংহলে মাষ্টাৰপ্লেন প্ৰস্তুতিৰ দায়িত্বত থকা নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ বিষয়ববীয়াসকলক কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে৷ সেই অনুসৰি মাষ্টাৰপ্লেনৰ আওতাত পৰা চহৰসমূহৰ সকলো মুকলি স্থান, পথাৰ আদিক সম্পূৰ্ণৰূপে নিৰ্মাণকাৰ্য বহিৰ্ভূত এলেকা হিচাপে ঘোষণা কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ একেদৰে জলাশয়, আদ্ৰৰ্ভূমি, নদী আদিৰ পাৰৰ পৰা নগৰাঞ্চলৰ ক্ষেত্ৰত ১৫ মিটাৰ আৰু গ্ৰামাঞ্চলৰ ক্ষেত্ৰত ৫০ মিটাৰ পৰ্যন্ত এলেকাতো সকলোধৰণৰ নিৰ্মাণকাৰ্য নিষিদ্ধ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ সকলো চহৰৰ বজাৰ এলেকাত পথৰ কাষৰ খুচুৰা ব্যৱসায়ীৰ বাবে নিৰ্দিষ্ট স্থান ধাৰ্য কৰা, প্ৰতিখন চহৰৰ নলা-নৰ্দমা নিৰ্মাণৰ বাবে সুকীয়াকৈ ড্ৰেইনেজ মাষ্টাৰ প্লেন প্ৰস্তুত কৰি ইয়াক মূল মাষ্টাৰপ্লেনৰ অংগ হিচাপে গণ্য কৰা তথা যিকোনোধৰণৰ উন্নয়নমূলক কাম-কাজ হাতত লোৱাৰ ক্ষেত্ৰত সকলো চৰকাৰী বিভাগেই সংশ্লিষ্ট চহৰৰ অনুমোদিত মাষ্টাৰ প্লেন অনুসৰণ কৰাটো বাধ্যতামূলক কৰাৰ বাবেও মন্ত্ৰী সিংহলে আজিৰ বৈঠকত নিৰ্দেশ প্ৰদান কৰে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি পদ্মশ্ৰী বিৰুবালা ৰাভাৰ মৃত্যু বাৰ্ষিকী

২০২৪ চনৰ ১৩ মে’। কোনেও, কেতিয়াও কল্পনা নকৰা এক...

স্মিথচোনিয়ান মিউজিয়ামত প্ৰদৰ্শিত হ’ল ভাৰতীয় ‘ৰকেট উইমেন’ নন্দিনী হৰিনাথৰ শাৰী

আমেৰিকাৰ বিখ্যাত স্মিথচোনিয়ান নেচনেল এয়াৰ এণ্ড স্পেচ মিউজিয়ামত এখন...

কিয় প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনাইছে?

দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰক সুৰক্ষিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত কোনে কোনে স্থান লাভ কৰিব?

১২ মে’ত দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব...