ভৱিষ্যৎ প্ৰজন্মৰ স্বাৰ্থত জলাশয়সমূহৰ সংৰক্ষণৰ বাবে যিকোনো পদক্ষেপ গ্ৰহণৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ : অশোক সিংহল

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে প্ৰাকৃতিক সৌন্দৰ্য্যৰ লীলাভূমি গোৱালপাৰা জিলাৰ উৰ্পদ বিল পৰিদৰ্শন কৰি বিলৰ চাৰিওকাষে নিৰ্মাণকাৰ্য চলি থকা থকা পদপথ আৰু চাইক্লিং ট্ৰেক নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়। ২০২০-২১ বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ পুঁজিৰ অধীনত এই প্ৰকল্পৰ কাম হাতত লোৱা হৈছে। বিলখনৰ সৌন্দৰ্য্যবৰ্দ্ধন কৰি ৰাজ্যখনৰ ভিতৰতে এখন আগশাৰীৰ পৰ্যটন স্থলী হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে সকলোধৰণৰ প্ৰচেষ্টা হাতত ল’ব বুলি তেওঁ জানিবলৈ দিয়ে।

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে গোৱালপাৰা চহৰৰ পাৰ্শ্বৱৰ্তী আন এক আৰ্দ্ৰভূমি হাচিলা বিলো পৰিদৰ্শন কৰে। বিল চৌহদত উপস্থিত থকা স্থানীয় সাংবাদিকৰে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে জলাশয়সমূহ আমাৰ জীৱ বৈচিত্ৰ্যৰ অভিন্ন অংগ আৰু ভৱিষ্যৎ প্ৰজন্মৰ সম্পদ। সেয়েহে আৰ্দ্ৰভূমিসমূহৰ সংৰক্ষণ চৰকাৰৰ এক অন্যতম প্ৰধান দায়িত্ব আৰু উঠি অহা প্ৰজন্মৰ স্বাৰ্থত গোৱালপাৰা জিলাৰ এই দুয়োখন গুৰুত্বপূৰ্ণ বিল সুৰক্ষিত কৰি ৰখাৰ বাবে চৰকাৰে সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব।

এই পৰিদৰ্শনৰ সময়ত গোৱালপাৰা জিলাৰ উপায়ুক্ত খনীন চৌধুৰী, এ পি ডি চি এলৰ সঞ্চালক ডঃ প্ৰকাশ কাশ্যপ, সমাজকৰ্মী ভৃগু ৰঞ্জন ৰাভাৰ লগতে বিল উন্নয়ন সমিতিৰ বিষয়ববীয়াসকল, জিলা প্ৰশাসনৰ বিষয়াসকল তথা স্থানীয় ৰাইজ উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

লণ্ডনৰ অসমীয়া সমাজৰ সৈতে উদ্যোগ মন্ত্রী বিমল বড়াৰ আলাপ

লণ্ডনত এডভান্টেজ অসম ২.০ৰ প্ৰচাৰৰ অংশ হিচাপে শনিবাৰে নিশা...

চীনত ক্ৰমান্বয়ে হ্ৰাস পাইছে জনসংখ্যা; বৃদ্ধি পাইছে বৃদ্ধৰ সংখ্যা

চীন ক্ৰমাৎ বৃদ্ধৰ দেশ হ'বলৈ আগবাঢ়িছে। ইয়াৰ কাৰণ হ'ল...

মহিলাক মাহিলি ২,৫০০ টকাকৈ, ৫০০ টকাত LPG চিলিণ্ডাৰ দিব বিজেপিয়ে…

দিল্লী বিধানসভাৰ নিৰ্বাচনৰ বাবে শুকুৰবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে...

এডভান্টেজ অসম ২.০: অনিল আগৰৱাল বেদৰে উদ্যোগ মন্ত্ৰী বিমল বড়াৰ বৈঠক

লণ্ডনত অনুষ্ঠিত ‘এডভান্টেজ অসম২. ০ ৰ প্ৰচাৰ যাত্ৰাৰ অংশ...