পেৰিছ ফেশ্বন উইক ২০২৩ত অসম কন্যা সংযুক্তা দত্তৰ থলুৱা নুনী পাটৰ নতুন ফেশ্বন সম্ভাৰ

বিশ্বৰ ভিতৰত আটাইতকৈ সন্মানীয় চাৰিটা ফেশ্বন উইকৰ ভিতৰত অন্যতম পেৰিছ ফেশ্বন উইক, ২০২৩ ত ব্যাপক সমাদৰ লাভ ভাৰতীয় ফেশ্বন ডিজাইনাৰ অসমৰ সুযোগ্যা কন্যা সংযুক্তা দত্তৰ নৱতম ফেশ্বন সম্ভাৰৰ শ্ব’ “চিকি-মিকি”ৰ ৷ ৩ মাৰ্চ, শুকুৰবাৰৰ সন্ধিয়াটিৰ কিছু সময় পেৰিছৰ লে চেলুন ডেছ মিৰ’ইৰছৰ ৰেম্পত সমুজ্জল হৈ পৰিল সংযুক্তা দত্তৰ ফেশ্বনৰ যাদুকৰী সৃষ্টিৰ প্ৰদৰ্শনেৰে।

পেৰিচত প্ৰদৰ্শিত এই ‘চিকি-মিকি’ ফেশ্বন শ্ব’ত পাট-মূগাত নতুন ডিজাইনৰ সংমিশ্ৰণেৰে এগৰাকী নাৰীৰ সৌন্দৰ্যক পুনৰ নতুনকৈ উজলাই তোলাৰ প্ৰয়াস কৰিছে আন্তঃৰাষ্ট্ৰীয় ফেশ্বন জগতত ইতিমধ্যে সমাদৃত ডিজাইনাৰ সংযুক্তা দত্তই ৷ কেৱল অসমত উপলব্ধ বিৰল আৰু উচ্চমানৰ মূগা আৰু পাটৰ কাপোৰৰ ওপৰত বৰ্ণিল সমাহিত ৰঙৰ সতেজ মিশ্ৰণ তুলি ধৰিছে ডিজাইনাৰ সংযুক্তা দত্তই ৷ পেৰিচত শ্ব’টোত প্ৰদৰ্শিত সংযুক্তা দত্তৰ প্ৰতি যোৰ পোচাকেই সুনিপুণ হাতেৰে প্ৰস্তুত কৰা অনুপম সৌন্দৰ্যৰে ভৰপূৰ বুলি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ মনকৰিবলগীয়া দিশটো হ’ল- হস্ত কৌশলেৰে প্ৰস্তুত এনে এযোৰ পোছাক সাজু কৰি তুলিবলৈ ফেশ্বন ডিজাইনাৰ গৰাকীক ২৫ দিন সময়ৰ প্ৰয়োজন হৈছিল ৷

সংযুক্তাৰ এই উচ্ছ মানৰ ফেশ্বন ডিজাইনে ভাৰতীয় হস্ততাঁত শিল্পৰ জয় যাত্ৰা অব্যাহত ৰখাৰ লগতে জীৱনৰ প্ৰতিটো দিশতে মহিলাসকলৰ বাবে সমসাময়িক পৰম্পৰাগত ফেশ্বনৰ সংমিশ্ৰণ নিশ্চিত কৰে। পেৰিচত ফেশ্বন ডিজাইনাৰ গৰাকীৰ অনুষ্ঠান উপভোগ কৰি পেৰিচৰ ভাৰতীয় দূতাবাসৰ প্ৰথম সচিব দেবাশিষ চক্ৰৱৰ্তীয়ে সংযুক্তাৰ পোচাক সমূহৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে তেওঁৰ কামে দেশখনক গৌৰৱান্বিত কৰা বুলি সদৰি কৰে ।

পেৰিচৰ ফেশ্বন শ্ব’টিত অংশগ্ৰহণৰ পিছত ডিজাইনাৰ সংযুক্তা দত্তই মন্তব্য কৰে – “কেতিয়াবা ভগৱানৰ উপহাৰবোৰ আমাৰ আটাইতকৈ ডাঙৰ সপোনটোতকৈয়ো ওপৰত ৷ বিশ্বৰ মানচিত্ৰত অসমৰ হস্ততাঁত শিল্পৰ বস্ত্ৰৰ প্ৰদৰ্শনৰ বিৰল সুযোগ প্ৰাপ্তিৰে মই আৰু মোৰ হস্ততাঁত শিল্পী সকলে নিজকে সৌভাগ্যবান বুলি বিবেচনা কৰিছো ৷ বিশ্বমানৰ এনে মঞ্চত এক স্থানীয় ফেশ্বন আহি পোৱাটোও মোৰ বাবে এক বিৰল প্ৰাপ্তি ৷ “

উল্লেখযোগ্য যে, সংযুক্তা দত্ত হ’ল ইতিপূৰ্বে লেকমে ফেশ্বন শ্ব’ত নিজৰ ডিজাইন প্ৰদৰ্শন কৰা প্ৰথম গৰাকী অসমীয়া মহিলা ৷ লেকমে ফেশ্বন শ্ব’ত অংশগ্ৰহণৰ পিছত আৰু পাছলৈ উভতি চাব লগীয়া হোৱা নাই ফেশ্বন ডিজাইনাৰ সংযুক্তাই ৷ ভাৰতৰ বিখ্যাত ফেশ্বন শ্ব’বোৰৰ উপৰিও লেকমে ফেশ্বন উইক, FDCI, লণ্ডন ফেশ্বন শ্ব’ আদি বিশ্বৰ আগশাৰীৰ ফেশ্বন শ্ব’ত অংশগ্ৰহণেৰে নিজৰ সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই ৷ ২০২২ বৰ্ষতো অসম গৌৰৱ ফেশ্বন ডিজাইনাৰ গৰাকীয়ে ফেশ্বন ডিজাইনাৰ সকলৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ফেশ্বন প্লেটফৰ্ম বুলি বিবেচিত নিউয়ৰ্ক ফেশ্বন উইকতো নিজৰ পোচাকৰ যাদুৰে সমাদৰ লভিবলৈ সক্ষম হৈছিল ৷ এই শ্ব’টোতো উপস্থিত থকা বিশ্বৰ আগশাৰীৰ ফেশ্বন বিশেষজ্ঞৰ প্ৰশংসা বুটলাৰ লগতে সংযুক্তা দত্তই আগশাৰীৰ বাতৰি কাকত আৰু আলোচনীতো স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ উপৰিও কাঁ ফিল্ম মহোৎসৱতো বহু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মডেলে সংযুক্তা দত্তৰ ডিজাইনৰ পোচাক পৰিধান কৰি ৰেড কাৰ্পেটত ইতিমধ্যে খোজ দিছে ৷

পেৰিচত প্ৰদৰ্শিত ‘চিকি-মিকি’ সম্ভাৰৰ বিষয়ে :-
সংযুক্তা দত্তৰ নতুন ফেশ্বনৰ বস্ত্ৰ সম্ভাৰৰ ‘চিকি-মিকি’ নামকৰণৰ জড়িয়তে প্ৰস্ফুতিত আৰু উজ্জ্বল হৈ থকাটো আন্তঃৰাষ্ট্ৰীয় ফেশ্বন দৰ্শকক বুজাব খোজা হৈছে বুলি ডিজাইনাৰ গৰাকীযে সদৰি কৰিছে । এই নৱতম ফেশ্বনৰ বস্ত্ৰ সম্ভাৰে বসন্ত ঋতুৰ সজীৱ ৰং আৰু উৎসৱমুখৰতাক প্ৰতিফলিত কৰিছে ৷ ইয়াত আছে নাৰীৰ সমসাময়িক বস্ত্ৰ সংগ্ৰহৰ বৰপেৰাৰ স্বাদেৰে অসমৰ থলুৱা সংস্কৃতিৰে সংপৃক্ত এক উত্তম স্বাদ ৷ সংযুক্তাৰ এই ‘চিকিমিকি’ ফেশ্বন সম্ভাৰে অসমীয়া পাটৰ কাপোৰৰ শোভাৰ জড়িয়তে আধুনিক আৰু ফেশ্বনযুক্ত আবেদনৰে নিজক তুলি ধৰিব খোজা সৌন্দৰ্যপ্ৰিয় সকলৰ বাবে উপযুক্ত সমুজ্জল বৰণ সংযোগ কৰিব । আন্তঃৰাষ্ট্ৰীয় ফেশ্বন জগতত নিজৰ সবল খোজেৰে অসমৰ নাম উজলোৱা সংযুক্তা দত্তৰ পেৰিচত প্ৰদৰ্শিত এই ‘চিকি-মিকি’ ফেশ্বনৰ বস্ত্ৰ সম্ভাৰে ভাৰতীয় পৰম্পৰাগত সাজ-পোচাকক সময়োপযোগী ৰূপত আন্তঃৰাষ্ট্ৰীয় মঞ্চত এক অন্য মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰহ্মপুত্ৰৰ বুকুত চীনৰ বিশ্বৰ সৰ্ববৃহৎ বান্ধ! চীনত বানৰ আশংকা বৃদ্ধিৰ সতৰ্কবাণী চীনৰ গৱেষকৰ

চীনে তিব্বতত নিৰ্মাণ কৰি থকা বিশ্বৰ সৰ্ববৃহৎ বান্ধ প্ৰকল্পক...

গুৱাহাটীৰ হোটেল বিলাস ইনত ৫জনৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে SIT গঠন; ৬জনীয়া সদস্যৰে SITৰ দল গঠন

গুৱাহাটীৰ লাচিত নগৰস্থিত হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত...

চলিত বৰ্ষত সৰ্বনিম্ন ৰূপৰ মূল্য! ৰূপ কিনাৰ এয়াই নেকি সঠিক সময়?

চলিত বৰ্ষত ৰূপৰ মূল্যত ব্যাপক পতন ঘটিছে। অভিলেখ সৃষ্টিকাৰী...