স্বেচ্ছাসেৱী সংগঠন “সদিচ্ছা”ৰ উদ্যোগত ঋতুস্ৰাৱজনিত সচেতনতা অভিযান

মংগলবাৰে দিশপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঞ্জীয়নভূক্ত স্বেচ্ছাসেৱী সংগঠন “সদিচ্ছা”ৰ উদ্যোগত ঋতুস্ৰাৱজনিত সচেতনতা অভিযানৰ অন্তৰ্গত এটি অনুষ্ঠানৰ আয়োজন কৰা হয় ।

ছাত্ৰীসকলৰ লগত “সদিচ্ছা”ৰ সদস্যসকলে ঋতুস্ৰাৱৰ সময়ত ল’বলগীয়া যত্ন , সাৱধানতা সন্দৰ্ভত মত বিনিময় কৰে ।

প্ৰায় ৩০০ গৰাকী ছাত্ৰী আৰু বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰীৰ মাজত “সদিচ্ছা পেড বেংক”ৰ পৰা বিনামূলীয়াকৈ ছেনিটেৰী পেড বিতৰণ কৰা হয়।

উল্লেখযোগ্য যে সদিচ্ছাৰ এই অভিযানে গুৱাহাটীৰ বিভিন্ন চৰকাৰী বিদ্যালয় , মহাবিদ্যালয় , পদপথ আৰু দৈনিক বজাৰসমূহৰ বিক্ৰেতা, হৰিজন কলনীৰ বাসিন্দা, চৰকাৰী চিকিসালয়ৰ ৰোগী আৰু অভিভাৱকসকলকো সাঙুৰি লৈছে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...