বিমানত আকস্মিকভাৱে মৃত্যু হোৱা ব্যক্তিৰ নশ্বৰদেহ ঘৰলৈ অনাত মন্ত্ৰী পীযুষ হাজৰীকাৰ সহায়

অসমৰ ডিমা হাচাও জিলাৰ পৰা বাংগালুৰুলৈ চিকিৎসাৰ বাবে যোৱা সত্তৰোৰ্দ্ধৰ ব্যক্তি এগৰাকীয়ে যোৱা বৃহস্পতিবাৰে বিমানত উঠাৰ সময়তে হৃদযন্ত্ৰৰ ক্ৰীড়া বন্ধ হৈ মৃত্যু বৰণ কৰিছিল। গৃহ ৰাজ্যৰ পৰা দূৰৈত বাংগালুৰু বিমানবন্দৰত ধন বাহাদুৰ সোনাৰ নামৰ প্ৰয়াত ব্যক্তিগৰাকীৰ মৃতদেহ লৈ তেখেতৰ পৰিয়ালবৰ্গ আবদ্ধ হৈ পৰিছিল। বিমান বন্দৰৰ আনুষ্ঠানিকতা আৰু আন আৱেগিক সমস্যাৰে পৰিয়ালৰ আন সদস্যসকল ভাড়াক্ৰান্ত হৈ পৰাত প্ৰয়াত ব্যক্তিগৰাকীৰ সাংবাদিক পুত্ৰ গৌৰৱ সোনাৰে অসম চৰকাৰৰ জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাৰ কাৰ্যালয়ৰ সৈতে সহায়ৰ বাবে যোগাযোগ কৰিছিল।

সাংবাদিক গৌৰৱ সোনাৰৰ পিতৃৰ আকস্মিক মৃত্যুৰ খবৰ পাই মন্ত্ৰী হাজৰীকাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিপদত পৰা পৰিয়ালটোক সহায় আগবঢ়োৱাৰ বাবে আগবাঢ়ি আহে আৰু বিষয়টো দিছপুৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত অৱগত কৰে। মন্ত্ৰী হাজৰীকাৰ পৰা বিষয়টো অৱগত হৈ মুখ্যমন্ত্ৰী কাৰ্যালয়ে ক্ষীপ্ৰতাৰে বাংগালুৰু বিমানবন্দৰত আৱদ্ধ প্ৰয়াত ব্যক্তিগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে আৰু শৱদেহ ঘৰলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সহযোগিতাত যোৱা শুকুৰবাৰৰ সন্ধিয়া প্ৰয়াত ধন বাহাদুৰ সোনাৰৰ শৱদেহ বিমানযোগে শিলচৰলৈ লৈ অনা হয় আৰু শিলচৰৰ পৰা এম্বুলেন্চৰ সহায়েৰে হাফলঙলৈ লৈ অনা হয়। কম সময়ৰ ভিতৰতে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি বাংগালুৰুৰ পৰা শৱদেহ ঘৰলৈ ঘূৰাই আনিবলৈ সক্ষম হোৱা প্ৰয়াত ব্যক্তিগৰাকীৰ পৰিয়ালে জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা আৰু মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ তৎপৰতাৰ বাবে ৰাজ্য চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...