ভাৰতৰ সন্মুখত আকৌ প্ৰত্যাহ্বানঃ বৰ্দ্ধিত শক্তিৰে উভটি আহিছে চীনৰ চোৰাংচোৱা জাহাজ

✒️অচিন্ত্য শৰ্মা

উভতি আহিছে য়ু আন ৱাং5
লগত অন্য এক চোৰাংচোৱা জাহাজ য়ুআনৱাং6
ভাৰত মহাসাগৰত চীনা চোৰাংচোৱা জাহাজৰ দৃঢ় হৈছে খোপনি

যোৱাবছৰৰ আগষ্ট মাহত চীনৰ সামৰিক চোৰাংচোৱা জাহাজ য়ু আন ৱাং 5-এ শ্ৰীলংকাৰ হোমবানটোটা বন্দৰত লংগৰ পেলাইছিল। মূলতঃ ভাৰতৰ গোপন তথা স্পৰ্শকাতৰ তথ্য সংগ্ৰহৰ বাবে ভাৰত মহাসাগৰীয় অঞ্চলৰ বিচৰণ কৰি ফুৰা চীনৰ জাহাজখনক আশ্ৰয় বা প্ৰশয় নিদিবলৈ নতুন দিল্লীয়ে কলম্বো মহলক টানি অনুৰোধ জনাইছিল যদিও শ্ৰীলংকা চৰকাৰে কোনো গুৰুত্ব দিয়া নাছিল মোদী চৰকাৰৰ সেই অনুৰোধৰ প্ৰতি। যাৰ পৰণতিত প্ৰায় এসপ্তাহ ধৰি হামবানটোটত ঘাটি পাতি য়ু আন ৱাঙে ভাৰতৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰি থাকিবলৈ সক্ষম হৈছিল। অৱশ্যে সক্ষম হোৱা নাছিল ভাৰতৰ কোনো স্পৰ্শকাটৰ তথ্য সংগ্ৰহ কৰিবলৈ। কাৰণ ভাৰতীয় বিজ্ঞানীসকলে য়ু আন ৱাং 5 হামবানটোটাট থকা সময়চোৱাত সমস্ত দেশখনক আবৰি থকাকৈ বিকশাই তুলিছিল এক বিশেষ জামিং ছিষ্টেম।

ব্যৰ্থ হৈ উভতি গৈছিল য়ু আন বাং5। পিচে সেই য়ু আন বাং5 এতিয়া উভটি আহিছে। উভতি আহিছে লগত আন এখন চোৰাংচোৱা জাহাজ য়ু আন বাং6ক লৈ। অবশ্যে জাহাজ দুখনে এইবাৰ ক’ৰবাত লংগৰ পেলাবনে কি, সেয়া এতিয়াও নিশ্চিত হোৱা নাই। কিন্তু বংগোপসাগৰ আৰু ভাৰত মহাসাগৰীয় অঞ্চলত দুখনকৈ চীনা সমাৰিক চোৰাংচোৱা জাহাজৰ এনে সন্দেহজনক উপস্থিতিয়ে ভাৰতৰ নিৰাপত্তা বিশেষজ্ঞসকলক উদ্বিগ্ন কৰি তুলিছে। লক্ষণীয়ভাবে, য়ু আন বাং 5 য়ু আন ৱান 6, এই দুয়োখন সামৰিক চোৰাংচোৱা জাহাজেই ঘূৰ্ণীয়মান ৰাডাৰ আৰু অন্যান্য চোৰাংচোৱা উপকৰণেৰে সমৃদ্ধ। প্ৰায় ৭৫০ ফুট দৈঘ্যৰ জাহাজ দুখনৰ প্ৰতিখনৰে ওজন ২৫ হাজাৰ টনকৈ। সকলোধৰণৰ বেলিষ্টিক ক্ষেপনাস্ত্ৰ আৰু কৃত্ৰিম উপগ্ৰহৰ গতিবিধি ট্ৰেক কৰি এইবাৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম জাহাজ দুখন। ইতিমধ্যে আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ ওচৰত জাহাজ দুখনে বিচৰণ কৰি থকাৰ পৰিপেক্ষিতত ভাৰতে নিজৰ ক্ষেপনাস্ত্ৰ পৰীক্ষণ কাৰ্যসূচী এবাৰ স্থগিত ৰাখিবলৈকো বাধ্য হৈছে। এনে অৱস্থাত অঞ্চলটোত জাহাজ দুখনৰ উপস্থিতি দীঘলীয়া হ’লে ভাৰতৰ সামৰিক আয়োজনৰ ওপৰত নেতিবাচক প্ৰভাব পৰাৰ দুৰ্ভানাও গভীৰ হৈ আহিছে। সমান্তৰালভাবে গভীৰ হৈ আহিছে ভাৰত মহাসাগৰত চীনা নৌসেনাৰ খোপনি দৃঢ় হৈ অহাৰ দুৰ্ভানাও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...