প্ৰেম! প্ৰেমিকাক পতিতালয়ত বিক্ৰী কৰিলে প্ৰেমিকে

ভুৱা পৰিচয়েৰে প্ৰেমৰ জালত পেলাই নাবালিকাক পতিতালয়ত বিক্ৰীৰ ঘটনাৰ চূড়ান্ত ৰায়দান। কোকৰাঝাৰ সেৰফাংগুৰীত সংঘটিত হৈছিল এই লাভ জেহাদৰ ঘটনা। প্ৰথমে ভুৱা পৰিচয়েৰে প্ৰেমত জালত পেলাইছিল নাবালিকাক। পিছত পলুৱাই নি শিলিগুৰিৰ পতিতালয়ত বিক্ৰী কৰিছিল নাবালিকাক। জাহানুদ্দিন শ্বেখ নামৰ প্ৰৱঞ্চকটোৱে নিজকে পৰিচয় দিছিল ৰাজু দাস বুলি। বিয়া পতাৰ প্ৰলোভনেৰে নি পতিতালয়ত বিক্ৰী কৰে জাহানুদ্দিন শ্বেখে। ঘটনা সন্দৰ্ভত জাহানুদ্দিন শ্বেখক আটক কৰি শিলিগুৰীৰ পতিতালয়ৰ পৰা নাবালিকা গৰাকীক উদ্ধাৰ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত পতিতালয়ৰ গৰাকী চালমা বেগমকো আটক। জাহানুদ্দিনৰ বিৰুদ্ধে POCSO আইনৰ অধীনত ৰুজু হৈছিল গোচৰ। আজি সম্পন্ন হয় গোচৰৰ চূড়ান্ত ৰায়দান। কোকৰাঝাৰ বিশেষ আদালতৰ ৰায়দান । ন্যায়াধীশ জে কোচৰ আদালতে কৰিলে ৰায়দান। পতিতালয়ৰ গৰাকী চালমা বেগম আৰু জাহানুদ্দিন শ্বেখক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড । লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে আদালতে ।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...