প্ৰেম! প্ৰেমিকাক পতিতালয়ত বিক্ৰী কৰিলে প্ৰেমিকে

ভুৱা পৰিচয়েৰে প্ৰেমৰ জালত পেলাই নাবালিকাক পতিতালয়ত বিক্ৰীৰ ঘটনাৰ চূড়ান্ত ৰায়দান। কোকৰাঝাৰ সেৰফাংগুৰীত সংঘটিত হৈছিল এই লাভ জেহাদৰ ঘটনা। প্ৰথমে ভুৱা পৰিচয়েৰে প্ৰেমত জালত পেলাইছিল নাবালিকাক। পিছত পলুৱাই নি শিলিগুৰিৰ পতিতালয়ত বিক্ৰী কৰিছিল নাবালিকাক। জাহানুদ্দিন শ্বেখ নামৰ প্ৰৱঞ্চকটোৱে নিজকে পৰিচয় দিছিল ৰাজু দাস বুলি। বিয়া পতাৰ প্ৰলোভনেৰে নি পতিতালয়ত বিক্ৰী কৰে জাহানুদ্দিন শ্বেখে। ঘটনা সন্দৰ্ভত জাহানুদ্দিন শ্বেখক আটক কৰি শিলিগুৰীৰ পতিতালয়ৰ পৰা নাবালিকা গৰাকীক উদ্ধাৰ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত পতিতালয়ৰ গৰাকী চালমা বেগমকো আটক। জাহানুদ্দিনৰ বিৰুদ্ধে POCSO আইনৰ অধীনত ৰুজু হৈছিল গোচৰ। আজি সম্পন্ন হয় গোচৰৰ চূড়ান্ত ৰায়দান। কোকৰাঝাৰ বিশেষ আদালতৰ ৰায়দান । ন্যায়াধীশ জে কোচৰ আদালতে কৰিলে ৰায়দান। পতিতালয়ৰ গৰাকী চালমা বেগম আৰু জাহানুদ্দিন শ্বেখক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড । লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে আদালতে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰমুজ প্ৰণালীৰ নিয়ম উলংঘাকাৰী জাহাজক জৰিমনা আৰু জব্দ কৰাৰ হুংকাৰ ইৰানৰ

বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তি পৰিবহন পথ হৰমুজ প্ৰণালীৰে চলাচল...

কেৰালাৰ কাজীয়া লিজ মেজোৰ শিৰত ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট

কেৰালাৰ মাৱেলিক্কৰাৰ অধিবাসী কাজীয়া লিজ মেজোৱে ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া...

২০৩৫ চনৰ ভিতৰত ভাৰতৰ থাকিব নিজা মহাকাশ কেন্দ্ৰ: ইছৰ’ৰ অধ্যক্ষ

ভাৰতে ২০৩৫ চনৰ ভিতৰত 'ভাৰতীয় অন্তৰীক্ষ ষ্টেচন' (BAS) নামৰ...