ৰখাই থোৱা গাড়ীত আউজি থিয় হোৱাৰ বাবেই কণমানিক ঠিয়গোৰ যুৱকৰ, ভাইৰেল ভিডিঅ’

মানুহ কিমান নিৰ্দয় হ’ব পাৰে আপুনি নেদেখিলে বিশ্বাস নকৰিব! পথৰ দাঁতিত আনদিনাৰ দৰে সাধাৰণভাবে পথৰ কাষত পাৰ্কিং কৰি থোৱা আছিল এখন গাড়ী। তেনেতে ৰখাই থোৱা গাড়ীখনত আউজিছিল কণমানিটিয়ে। গাড়ীত আউজি থকাৰ সময়তে গাড়ীৰ মালিকে আহি ৬ বছৰীয়া কণমানিটিক সোধালে প্ৰচণ্ড গোচৰ। ইতিমধ্যে CCTV কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য। গাড়ীৰ গৰাকী ছিহছাদৰ এই কাণ্ড দেশজুৰি ভাইৰেল হৈ পৰিছে। প্ৰকাশিত বাতৰি অনুসৰি কেৰালাৰ কন্নুৰৰ থালাছেৰীত সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ছিহছাদ নামৰ অভিযুক্ত যুৱকজনক, লগতে গাড়ীখনো জব্দ কৰিছে। ৰাজস্থানৰ এই ৬ বছৰীয়া শিশুটিক প্ৰহাৰৰ সময়ত আশ্বৰ্যজনকভাবে ছিহছাদৰ সৈতে সেই সময়ত থকা মহিলাগৰাকীয়েও নিৰ্বিকাৰ হৈ গাড়ীত বহা দেখা যায়।

উল্লেখ্য যে, ৬ বছৰীয়া শিশুটিক আক্ৰমণ কৰা দেখি একাংশ লোকে যুৱকজনক জবাবদিহি কৰাৰ চেষ্টা কৰাত যুৱকজনে অস্বীকাৰ কৰে নিজৰ ভুল। তাৰ পৰিৱৰ্তে সদম্ভে সেই স্থানৰ পৰা আঁতৰি যায় গাড়ীৰ গৰাকী ছিহছাদ। এই ঘটনাৰ পিছতে শিশু অধিকাৰ সুৰক্ষা আয়োগে শিশুটিৰ ওপৰত চলা আক্ৰমণৰ ঘটনাৰ হস্তক্ষেপ কৰাৰ লগতে প্ৰয়োজনত শিশুটিক চিকিৎসা সেৱা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। কণমানিৰ ওপৰত বৰ্বৰতা দেখুওৱা যুৱকজনৰ এই কাৰ্যই স্তম্ভিত কৰি তুলিছে প্ৰতিজন লোককে। সকলোৱে একেমুখে গৰিহণা দিয়াৰ লগতে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে একাংশই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...