ৰখাই থোৱা গাড়ীত আউজি থিয় হোৱাৰ বাবেই কণমানিক ঠিয়গোৰ যুৱকৰ, ভাইৰেল ভিডিঅ’

মানুহ কিমান নিৰ্দয় হ’ব পাৰে আপুনি নেদেখিলে বিশ্বাস নকৰিব! পথৰ দাঁতিত আনদিনাৰ দৰে সাধাৰণভাবে পথৰ কাষত পাৰ্কিং কৰি থোৱা আছিল এখন গাড়ী। তেনেতে ৰখাই থোৱা গাড়ীখনত আউজিছিল কণমানিটিয়ে। গাড়ীত আউজি থকাৰ সময়তে গাড়ীৰ মালিকে আহি ৬ বছৰীয়া কণমানিটিক সোধালে প্ৰচণ্ড গোচৰ। ইতিমধ্যে CCTV কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য। গাড়ীৰ গৰাকী ছিহছাদৰ এই কাণ্ড দেশজুৰি ভাইৰেল হৈ পৰিছে। প্ৰকাশিত বাতৰি অনুসৰি কেৰালাৰ কন্নুৰৰ থালাছেৰীত সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ছিহছাদ নামৰ অভিযুক্ত যুৱকজনক, লগতে গাড়ীখনো জব্দ কৰিছে। ৰাজস্থানৰ এই ৬ বছৰীয়া শিশুটিক প্ৰহাৰৰ সময়ত আশ্বৰ্যজনকভাবে ছিহছাদৰ সৈতে সেই সময়ত থকা মহিলাগৰাকীয়েও নিৰ্বিকাৰ হৈ গাড়ীত বহা দেখা যায়।

উল্লেখ্য যে, ৬ বছৰীয়া শিশুটিক আক্ৰমণ কৰা দেখি একাংশ লোকে যুৱকজনক জবাবদিহি কৰাৰ চেষ্টা কৰাত যুৱকজনে অস্বীকাৰ কৰে নিজৰ ভুল। তাৰ পৰিৱৰ্তে সদম্ভে সেই স্থানৰ পৰা আঁতৰি যায় গাড়ীৰ গৰাকী ছিহছাদ। এই ঘটনাৰ পিছতে শিশু অধিকাৰ সুৰক্ষা আয়োগে শিশুটিৰ ওপৰত চলা আক্ৰমণৰ ঘটনাৰ হস্তক্ষেপ কৰাৰ লগতে প্ৰয়োজনত শিশুটিক চিকিৎসা সেৱা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। কণমানিৰ ওপৰত বৰ্বৰতা দেখুওৱা যুৱকজনৰ এই কাৰ্যই স্তম্ভিত কৰি তুলিছে প্ৰতিজন লোককে। সকলোৱে একেমুখে গৰিহণা দিয়াৰ লগতে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে একাংশই।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভাৰতৰ আক্ৰমণৰ পিছত সেনাৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰাৰ পৰিকল্পনা পাকিস্তানৰ

ভাৰতৰ আক্ৰমণত পাকিস্তানৰ নুৰ খান বিমান ঘাটিত হোৱা ব্যাপক...

আমেৰিকাক শূন্য শুল্ক দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ পাকিস্তানৰ

পাকিস্তানে আমেৰিকাক নিৰ্বাচিত পণ্যৰ ওপৰত শূন্য শুল্কৰ দ্বিপাক্ষিক বাণিজ্য...

ভাৰত-ভূটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ

জনতা ভৱনত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ স্বাস্থ্যমন্ত্ৰী...

ভাৰতত এপলৰ সামগ্ৰী বনোৱা বন্ধ কৰিবলৈ ট্ৰাম্পৰ প্ৰস্তাৱ

মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে Appleৰ CEO টিম কুকক ভাৰতত...