বলীউডৰ চুপাৰষ্টাৰ দাবাং খানৰ নিৰাপত্তাকলৈ কঠোৰ কিয় মুম্বাই আৰক্ষী?

বলীউডৰ চুপাৰষ্টাৰ দাবাং খানৰ নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ হৈছে মুম্বাই আৰক্ষী। লৰেন্স বিষ্ণোই দলৰ পৰা ছলমান খানৰ প্ৰতি ভাবুকি অহাৰ পাছত নিৰাপত্তা প্ৰদান কৰে মুম্বাই আৰক্ষীয়ে। ইয়াৰ পূৰ্বেও মৃত্যুৰ ভাবুকিৰ সন্মুখিন হৈছিল অভিনেতাজন। যাৰ বাবে X-শ্ৰেণীৰ নিৰাপত্তা দিয়াৰ লৈছিল মুম্বাই আৰক্ষীয়ে। আকৌ লৰেন্স বিষ্ণোই দলৰ পৰা ভাবুকি অহাৰ পছত,ভাইজানৰ সুৰক্ষাকলৈ চিন্তিত হৈ পৰে মুম্বাই আৰক্ষী। ANIৰ তথ্য় মতে, ভাইজানৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি Y+ শ্ৰেণীৰ নিৰাপত্তালৈ বৃদ্ধি কৰিছে মুম্বাই আৰক্ষীয়ে। কিছুদিন পূৰ্বে অভিনেতাগৰাকীয়ে গেংষ্টাৰ লৰেন্স বিষ্ণোই দলৰ পৰা মৃত্যুৰ ভাবুকি পাইছিল। লৰেন্স বিষ্ণোই সিদ্ধু মুছেৱালাৰ হত্যাৰ লগতো জড়িত থকাৰ কথা পোহৰলৈ আহিছিল।

চলিত বৰ্ষৰ ২৯ মে’ত পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাক হত্যা কৰা হয়। মুছেৱালাক হত্যাৰ পাছতে ছলমান খান আৰু তেওঁৰ পিতৃ ছেলিম খানে এখন ভাবুকিপূৰ্ণ পত্ৰ পাইছিল। য’ত লিখা আছিল যে সিদ্ধু মুছেৱালাৰ দৰে একে দশা হ’ব ছলমান খানৰো। আনহাতে আৰক্ষীয়ে গেংষ্টাৰ বিষ্ণোই দলৰ কেইবাজনো সদস্যক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, যিয়ে ছলমানক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ কথা স্বীকাৰ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চাকৰি প্ৰত্যাশী আৰু চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ! ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা

ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতী আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও...

জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ...

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...