দীপাৱলী সেমেকালে সামুদ্ৰিক ঘূৰ্ণি ছিট্রাঙে, অসমত কেতিয়ালৈকে হ’‍ব বৰষুণ?

ছিট্ৰাঙে চুই গ’ল অসম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচলপ্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰৰ বিভিন্ন অঞ্চলত। ঘন্টাত ৪০ৰপৰা ৫০ কিলোমিটাৰ বেগত খুন্দা সামুদ্ৰিক ঘূৰ্ণি ছিট্ৰাঙৰ। ছিট্ৰাঙৰ প্ৰভাৱত অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত নেৰানেপেৰা বৰষুণ। সোমবাৰে পুৱাৰে পৰা গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত ছেগাচোৰোকাকৈ আহি থকা বৰষুণে সন্ধিয়াৰ পৰা নেৰানেপেৰা ৰূপ লয়। মঙলবাৰেও অসমৰ লগতে উত্তৰ-পূবৰ বহু অঞ্চলত ঘণ্টাত ৫৫ কিলোমিটাৰ বেগেৰে ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা আছে।

২৬ অক্টোবৰত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ কেতবোৰ অঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। ইয়াৰোপৰি গুৱাহাটী আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহত অহা ২৬ অক্টোবৰলৈ নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। ছিত্ৰাঙৰ প্ৰভাৱত গুৱাহাটীত অহা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ কৃত্ৰিম বানে বুৰাই পেলায় মহানগৰী। হাতীগাঁও, ৰুক্মিনীনগৰ, চানমাৰি, জু-ৰোডৰ বিভিন্ন অঞ্চল আৰু GS ৰোডতো সৃষ্টি হয় কৃত্ৰিম বানৰ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...