গুজৰাটত অনুষ্ঠিত আইন মন্ত্ৰীসকলৰ সন্মিলনত অসমৰ আইন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

গুজৰাটৰ টেন্ট চিটি নৰ্মদা-একতা নগৰত অনুষ্ঠিত দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ আইন মন্ত্ৰী আৰু সচিব সকলৰ সন্মিলনত অংশ লৈ আজি অসমৰ আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৰাজ্যখনৰ আইন আৰু ন্যায় ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন দিশৰ বিষয়ে বক্তব্য আগবঢ়ায়। উল্লেখ্য যে, আজি এই সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলে ভাৰ্চুৱেলি সম্বোধন কৰে ৷

সন্মিলনত অসমৰ আইন আৰু ন্যায় বিভাগৰ বিভাগৰ মন্ত্ৰী দাসে ৰাজ্যখনৰ আইন বিভাগৰ গৌৰৱোজ্জ্বল ইতিহাসৰ এক আভাস দাঙি ধৰাৰ লগতে বিভাগটোৰ কাম-কাজ তথা বিধেয়ক, আইন আদি প্ৰণয়নৰ ক্ষেত্ৰত বিভাগটোৱে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়েও সন্মিলনত অৱগত কৰে। মন্ত্ৰী দাসে ৰাজ্যৰ আদালত সমূহৰ আন্তঃগাঁথনিৰ উন্নতি সাধন, গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিকৰণ আৰু নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা হ্ৰাস কৰা, দ্ৰুত ন্যায় প্ৰদানৰ বাবে শক্তিশালী পৰিৱেশ সৃষ্টি, বিনামূলীয়া আইনী সাহায্য প্ৰদান আদি বিষয়সমূহত চৰকাৰ তথা আইন আৰু ন্যায় বিভাগে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কত সন্মিলনত বক্তব্য আগবঢ়ায়।

সন্মিলনত মন্ত্ৰী দাসে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ আইন আৰু ন্যায় ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ আদৰণি জনাই কয় যে প্ৰধান মন্ত্ৰীয়ে লোক আদালত ব্যৱস্থা অধিক সক্ৰিয় আৰু কাৰ্যকৰী কৰাত অগ্ৰাধিকাৰ দিছে ৷ স্থানীয় পৰ্যায়ৰ বিবাদ সমূহৰ দ্ৰুত নিষ্পত্তিৰ ক্ষেত্ৰত লোক আদালতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ ৷ মন্ত্ৰী দাসে প্ৰধানমন্ত্ৰী মোদীয়ে নিষ্পত্তি নোহোৱাকৈ থকা পুৰণি গোচৰ সমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে জনোৱা আহ্বান প্ৰসংগ উল্লেখ কৰি সন্মিলনত কয় যে ৰাজ্য চৰকাৰে এই সম্পৰ্কত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব ৷ ন্যায় প্ৰাপ্তিৰ সুবিধাৰ পৰা কোনোৱে যাতে বঞ্চিত নহয় সেই দিশত মন্ত্ৰী দাসে গুৰুত্ব আৰোপ কৰে ৷

বৰ্তমান সময়ত অপ্ৰাসংগিক হৈ পৰা পুৰণি আইন কিছুমান বাতিলৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও মন্ত্ৰী দাসে সন্মিলনত কয়। উল্লেখ্য যে, আজিৰ এই সন্মিলনত আইনী শিক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান, চৰকাৰী বিভাগসমূহ জড়িত থকা বিবাদ সমূহৰ নিষ্পত্তিৰ বাবে বিকল্প ব্যৱস্থা, জিলা আৰু নিম্ন আদালত সমূহত খালী হৈ থকা পদ সমূহৰ পূৰণ কৰাৰ ব্যৱস্থা, ই ক’ৰ্ট আৰু ডিজিটেল ক’ৰ্ট আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত দেশৰ বিভিন্ন ৰাজ্যৰ আইন মন্ত্ৰী আৰু সচিবসকলৰ মাজত আলোচনা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...