পিঁয়াজে কন্দুৱাইছে ৰাইজক, আলুৰ বজাৰত জুই

হুৰাহুৰে বাঢ়িছে নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ মূল্য। ইয়াৰে মাজতে আলু-পিয়াঁজৰ মূল্য বৃদ্ধিয়ে ৰাইজৰ মূৰত ৰাম টাঙোন সোধাইছে। অসমত ভয়ানকভাৱে বৃদ্ধি পাইছে আলু, পিঁয়াজৰ দাম।

ৰাজ্যত বেংগলৰ আলু প্ৰতিকেজিত ২৭ৰ পৰা ২৮ টকা। ৪ দিন পূৰ্বে আছিল প্ৰতিকেজিত ২৫ টকা। আনহাতে, আগ্ৰাৰ আলু প্ৰতিকেজিত ৩৩ৰ পৰা ৩৪ টকা হৈছেগৈ। ৪ দিন পূৰ্বে আছিল প্ৰতি কেজিত ৩০ টকা।

একেদৰে, আলুৰ লগতে পিঁয়াজে কন্দুৱাইছে ৰাইজক। নাছিকৰ পিঁয়াজৰ দাম প্ৰতিকেজিত ৩২ টকা। এসপ্তাহ পূৰ্বে দাম আছিল ২৫ টকা। বেংগালুৰুৰ পিঁয়াজ প্ৰতি কেজিত ৪০ টকা। এসপ্তাহ পূৰ্বে দাম আছিল প্ৰতি কেজিত ৩০ টকা।

একেদৰে আন আন পাচলিৰ দাম আকাশলংঘী হৈছে। বৰ্ধিত দামে এতিয়া জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...