আজি বিশাল কাৰ্যসূচীৰে মুকলি হ’ব ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়

তিনিদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আজি দ্বিতীয় দিন। বশিষ্ঠস্থিত ছমহলীয়া অট্টালিকাটো অতি কম দিনতে নিৰ্মাণ কৰি উলিওৱাৰ পিছত আজি বিশাল কাৰ্যসূচীৰে কাৰ্যালয়টো উদ্বোধন কৰিব ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই। কাৰ্যালয় উদ্বোধনত জে পি নাড্ডাৰ লগতে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে নতুন কাৰ্যালয়টো।

কাৰ্যালয় উদ্বোধনৰ পিছতেই বিশাল কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰিব অমিত শ্বাহ আৰু জে পি নাড্ডাই। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কাৰ্যাকৰ্তা সন্মিলনত অংশ ল’ব প্ৰায় ৪৫ হাজাৰ কাৰ্মকৰ্তাই। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি দলৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকলক উপস্থিত থাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...