আজি বিশাল কাৰ্যসূচীৰে মুকলি হ’ব ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়

তিনিদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আজি দ্বিতীয় দিন। বশিষ্ঠস্থিত ছমহলীয়া অট্টালিকাটো অতি কম দিনতে নিৰ্মাণ কৰি উলিওৱাৰ পিছত আজি বিশাল কাৰ্যসূচীৰে কাৰ্যালয়টো উদ্বোধন কৰিব ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই। কাৰ্যালয় উদ্বোধনত জে পি নাড্ডাৰ লগতে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে নতুন কাৰ্যালয়টো।

কাৰ্যালয় উদ্বোধনৰ পিছতেই বিশাল কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰিব অমিত শ্বাহ আৰু জে পি নাড্ডাই। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কাৰ্যাকৰ্তা সন্মিলনত অংশ ল’ব প্ৰায় ৪৫ হাজাৰ কাৰ্মকৰ্তাই। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি দলৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকলক উপস্থিত থাকিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

চলন্ত গাড়ীত জীৱন-মৰণৰ খেল

চলন্ত গাড়ীত জীৱন-মৰণৰ খেল। ৰাজপথত উদণ্ড যুৱকৰ ভয়ংকৰ কাণ্ড।...

সপ্তাহত এদিন সম্পূৰ্ণ সিজোৱা খাদ্য খাওক, তেল-মছলাৰ ব্যৱহাৰ কমাওক : স্বাস্থ্যমন্ত্ৰী

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী তথা...

মহানগৰীত আন এক ৰহস্যজনক মৃত্যুৰ ঘটনা

মহানগৰীত আন এক ৰহস্যজনক মৃত্যুৰ ঘটনা। এইবাৰ সাতগাঁৱৰ কোচপাৰাত...

১ কোটি টকা ৰান্ধনীৰ বাবে, ব্যক্তিগত সচিবৰ বাবে ১০ লাখ টকা | ৰতন টাটাৰ ইচ্ছাপত্ৰৰ সবিশেষ

২০২৪ চনৰ অক্টোবৰত মৃত্যুবৰণ কৰা উদ্যোগপতি তথা সমাজহিতৈষী ৰতন...