সন্ধান পোৱা গৈছে সোণেৰে ভৰি থকা এখন ডুব যোৱা জাহাজৰ!

সমুদ্ৰগৰ্ভত আৱিষ্কৃত হৈছে এক প্ৰকাৰৰ কুবেৰৰ ধন। সম্পূৰ্ণৰূপে সোণৰ মুদ্ৰাৰে ভৰি থকা এখন ডুব যোৱা জাহাজ আৱিস্কাৰ কৰিছে অন্বেষণকাৰীসকলে। কলম্বিয়াৰ নৌ বিভাগৰ বিষয়াসকলে অন্য এখন ডুব যোৱা জাহাজৰ সন্ধান কৰি থাকোঁতেই এই জাহাজখনৰো সন্ধান পায়। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি জাহাজখন স্পেইনদেশীয় আৰু ই ডুব গৈছিল প্ৰায় দুই শতাব্দী পূৰ্বে। জাহাজখনত থকা সোণখিনিৰ মূল্য বৰ্তমানৰ ভাৰতীয় মুদ্ৰাৰ হিচাপত বহু হাজাৰ কোটি টকা হ’ব বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে, জাহাজখনত সোণৰ মুদ্ৰাৰ উপৰি অস্ত্ৰ-শস্ত্ৰকে ধৰি অন্য ভালেমান মূল্যবান সম্পদ আছে আৰু সেই সকলোবোৰ ওপৰলৈ উঠোৱাৰ বাবে কৰ্তৃপক্ষই চেষ্টা চলাই আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...