সন্ধান পোৱা গৈছে সোণেৰে ভৰি থকা এখন ডুব যোৱা জাহাজৰ!

সমুদ্ৰগৰ্ভত আৱিষ্কৃত হৈছে এক প্ৰকাৰৰ কুবেৰৰ ধন। সম্পূৰ্ণৰূপে সোণৰ মুদ্ৰাৰে ভৰি থকা এখন ডুব যোৱা জাহাজ আৱিস্কাৰ কৰিছে অন্বেষণকাৰীসকলে। কলম্বিয়াৰ নৌ বিভাগৰ বিষয়াসকলে অন্য এখন ডুব যোৱা জাহাজৰ সন্ধান কৰি থাকোঁতেই এই জাহাজখনৰো সন্ধান পায়। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি জাহাজখন স্পেইনদেশীয় আৰু ই ডুব গৈছিল প্ৰায় দুই শতাব্দী পূৰ্বে। জাহাজখনত থকা সোণখিনিৰ মূল্য বৰ্তমানৰ ভাৰতীয় মুদ্ৰাৰ হিচাপত বহু হাজাৰ কোটি টকা হ’ব বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে, জাহাজখনত সোণৰ মুদ্ৰাৰ উপৰি অস্ত্ৰ-শস্ত্ৰকে ধৰি অন্য ভালেমান মূল্যবান সম্পদ আছে আৰু সেই সকলোবোৰ ওপৰলৈ উঠোৱাৰ বাবে কৰ্তৃপক্ষই চেষ্টা চলাই আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কথমপি প্ৰাণৰক্ষা হাজাৰ হাজাৰ ৰে’ল যাত্ৰীৰ, তিতাবৰত অঘটন

তিতাবৰৰ মেলামাটিত ভয়ংকৰ ঘটনা। ৰে'ল লাইনৰ ওপৰত চিঙি পৰিল...

ভয়ংকৰ দুৰ্ঘটনাত থানবান এখন সুখৰ সংসাৰ

লখিমপুৰৰ ভয়ংকৰ দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ নগাঁৱত শিহৰণকাৰী...

কোন হ’ব মন্ত্ৰী ? ১২ জনীয়া মন্ত্ৰীসভাত সোমাব আৰু কাৰ কাৰ নাম ?

✒️ মুন গোস্বামী জুন মাহৰ প্ৰথম সপ্তাহতে হিমন্ত 2.0 মন্ত্ৰীসভাৰ...

জম্মু-কাশ্মীৰ সীমান্তত থকা বিদ্যালয়লৈ ১ কোটি টকাৰ অনুদান আগবঢ়ালে অক্ষয় কুমাৰে

বলিউড অভিনেতা অক্ষয় কুমাৰে জম্মু আৰু কাশ্মীৰৰ গুৰেজ উপত্যকাৰ...