উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড, বিপদৰ আগজাননী নেকি?

পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। দেশৰ বাণিজ্যিক মহানগৰী মুম্বাইত দৈনিক আক্ৰান্তৰ সংখ্যা মঙলবাৰে প্ৰায় দুগুণ হৈছে। কেৱল মুম্বাইতে বিগত ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ১,২৪২জন। সোমবাৰে মুম্বাইত ক’ভিডত আক্ৰান্ত হৈছিল ৬৭৬জনলোক।

সোমবাৰতকৈ ৮১শতাংশ বৃদ্ধি পালে মহাৰাষ্ট্ৰত দৈনিক আক্ৰান্তৰ সংখ্যা। সমগ্ৰ মহাৰাষ্ট্ৰত মঙলবাৰে নতুনকৈ আক্ৰান্ত হৈছে ১৮৮১জন। মহাৰাষ্ট্ৰৰ সমান্তৰালকৈ সমগ্ৰ দেশতে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৩,৭১৪জন। মঙলবাৰে দেশত ক’ভিডৰ সংক্ৰমণৰ হাৰ ১.৬২ শতাংশ। আনহাতে ২৪ ঘণ্টাত দেশত ৭ জনকৈ লোকেৰ মৃত্যু হৈছে ক’ভিডত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...