বিৰাট কোহলীয়ে নগঢ়া অভিলেখ গঢ়িলে জ’ ৰুটে!

ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেট টেষ্টত ইংলেণ্ডৰ বৰ্তমানৰ দুৰ্দান্ত বেটাৰ জ’ ৰুটে গঢ়িলে অন্য এক অবিশ্বাস্য ৰেকৰ্ড। টেষ্ট ক্ৰিকেটৰ ইতিহাসত ১০ হাজাৰ ৰান সংগ্ৰহ কৰা চতুৰ্দশগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে।

নিউজিলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত হোৱা টেষ্ট মেচত এই অভিলেখ গঢ়ে ৰুটে। টেষ্ট ক্ৰিকেটত ১০ হাজাৰ ৰান সংগ্ৰহ কৰা ইংলেণ্ডৰ দ্বিতীয়জন বেটাৰ হৈছে জ’ ৰুট। ইয়াৰ পূৰ্বে এই অভিলেখ গঢ়িছিল এলিষ্টাৰ কুকে। কিন্তু আপুনি জানেনে যে টেষ্ট ক্ৰিকেটত ৰুটৰ পূৰ্বেই কোন কোন কিংবদন্তী খেলুৱৈই ১০ হাজাৰ ৰাণ সংগ্ৰহ কৰিছিল? আপুনি জানি আচৰিত হব যে এই তালিকাখনত আছে কেৱল ৩জন ভাৰতীয় বেটাৰ।

টেষ্ট ক্ৰিকেটত ১০,০০০ ৰাণ সংগ্ৰহ কৰা বেটাৰ সকল হৈছে সুনীল গাভাস্কাৰ, এলান বৰ্ডাৰ, ষ্টিভ ৱাগ, ব্ৰায়ান লাৰা, শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড়, ৰিকি পণ্টিং, জাক কালিছ, মাহেলা জয়ৱৰ্দনা, শিৱনাৰিন চন্দ্ৰপল, কুমাৰ চাংগাকাৰা, এলিষ্টাৰ কুক, য়নিছ খান আৰু এতিয়া জ’ ৰুট।


উলেখযোগ্য যে, টেষ্টত ১০ হাজাৰ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটাৰ আছিল সুনীল গাভাস্কাৰ। ১৯৮৭ চনত গাভাস্কাৰে গঢ়িছিল এই বিৰল অভিলেখ। ২০১২ চনৰ ডিচেম্বৰত ক্ৰিকেটত আত্মপ্ৰকাশ কৰাৰ পিছত ৰুট ইংলেণ্ড দলৰ মুখ্য বেটাৰ হিচাপে পৰিগণিত হৈছে। ১১৭ খন টেষ্টত ৰুটে ৪৯.১৯ গড়ে ৯,৮৮৯ ৰাণ সংগ্ৰহ কৰিছে আৰু ২৫টা শতকো অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ৰুট হৈছে টেষ্ট ইতিহাসৰ প্ৰথমজন বেটাৰ যিয়ে ১০ বছৰতকৈ কম সময়ৰ ভিতৰত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰিছে। মন কৰিবলগীয়া কথা যে, টেষ্ট ক্ৰিকেটৰ ১০ হাজাৰ ক্লাবত নাই আপোনাৰ মোৰ প্ৰিয় খেলুৱৈ বিৰাট কোহলিৰ নাম! কোহলিয়ে এতিয়ালৈকে টেষ্ট ক্ৰিকেটত মুঠ ৮,০৪৩ ৰাণ সংগ্ৰহ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...