ভাৰত আৰু ভূটানৰ মাজত চলিব ৰে’ল


✍️ প্ৰণৱ চেতিয়া

কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ যাব পাৰিব ৰে’লেৰে। সলনি হৈছে সময়। প্ৰযুক্তিয়ে অসম্ভৱকো সম্ভৱ কৰি তুলিছে। তাতে আকৌ অতীজৰে পৰা আছে মধুৰ সম্পৰ্ক। হয় অসমৰ পৰা ৰেলেৰে চফৰ কৰিব পাৰিব প্ৰকৃতিৰ ৰম্যভূমি মোহনীয়া ভূটানলৈ। সেউজ ওখ ওখ পাহাৰ চাবলৈ এতিয়া ৰেলত বহিয়েই যাব পাৰিব। দীৰ্ঘদিনীয়া চৰ্চাৰ অন্তত ভাৰতৰ পৰা ভূটানলৈ ৰেল চলাচলৰ সেউজ সংকেত। কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ ৰেল যোগাযোগ স্থাপনৰ পদক্ষেপ।

কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ দূৰত্ব ৫৭.৫ কিঃমিঃ। এই বাটচোৱাত ব্ৰডগজ ৰেলপথ স্থাপনৰ পদক্ষেপ লোৱা হৈছে। এই সন্দৰ্ভত ২০০৫ চনতে ভাৰত আৰু ভূটানৰ মাজত স্বাক্ষৰিত হৈছিল চুক্তি। ইতিমধ্যে প্ৰাৰম্ভিক জৰীপ আৰম্ভ হৈছে। উত্তৰ-পূব সীমান্ত ৰেলৱেক কেন্দ্ৰীয় চৰকাৰে অৰ্পণ কৰিছে জৰীপৰ দায়িত্ব। এই ৰেলপথছোৱা নিৰ্মাণত ব্যয় হব ১,০০০ কোটি টকা। এই নিৰ্মাণব্যয় বহন কৰিব ভাৰত চৰকাৰে। তাৰোপৰি নিৰ্মাণ আৰু প্ৰযুক্তিগত দিশতো ভাৰতে সহায় কৰিব ভূটানক। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভাৰতে নেপাল আৰু বাংলাদেশকো ৰেল চলাচলত সহায় কৰি আহিছে। ভাৰত আৰু নেপালৰ মাজৰ এই ৰেলপথ সম্ভৱ হৈ উঠিলে দুয়োখন দেশৰ সম্পৰ্কই এক নতুন মাত্ৰা পাব। ভূটানৰ পৰ্যটন ক্ষেত্ৰ আৰু ব্যৱসায়িক দিশত বিশেষভাবে প্ৰভাৱিত হোৱাৰ লগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও আশাৰ বতৰা কঢ়িয়াই আনিব এই ৰেলসেৱাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...