মোদীয়ে শৌচালয় নিৰ্মাণ কৰাৰ বাবেই হেনো কমিছে ধৰ্ষণ!

ভাৰতৰ ৰাজনীতিৰ এক চিনাকী নাম সম্বিত পাত্ৰ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম সমূহৰ টক শ্ব’ত খুবেই চৰ্চিত এইজন নেতা। বিজেপিৰ মুখপাত্ৰ হিচাপে সম্বিত পাত্ৰই দলীয় মত প্ৰকাশ কৰে ৰাষ্ট্রীয় পর্যায়ত।

বহু বাৰ সম্বিত পাত্ৰই কৰা অদ্ভুত মন্তব্যৰ বাবে সামাজিক মাধ্যমত চৰ্চাৰ বিষয়ো হৈ পৰিছে। শেহতীয়া ভাৱে, ধৰ্ষণ সন্দৰ্ভত কৰা এক অদ্ভুত মন্তব্যই পুনৰ চৰ্চালৈ আনিছে পাত্ৰক। দেওবাৰে দিল্লীস্থিত BJPৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন সভাত সম্বিত পাত্ৰই কৰা এক আজৱ মন্তব্যই দেশত তোলপাৰ লগাইছে। সম্বিত পাত্ৰৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শৌচালয় নিৰ্মাণ কৰাৰ বাবে ভাৰতত কমিছে ধৰ্ষণ। সম্বিত পাত্ৰই কয়, ‘বেছিভাগ ধৰ্ষণ তেতিয়া হয় যেতিয়া গ্ৰামাঞ্চলৰ মহিলাসকলে অন্ধকাৰত পথাৰত শৌচ কৰিব যায় আৰু মোদীয়ে গাঁৱে গাঁৱে শৌচালয় নিৰ্মাণ কৰাৰ বাবে ভাৰতত কমিছে ধৰ্ষণ।’

এই মন্তব্যৰ পিছত আকৌ এবাৰ চৰ্চাৰ বিষয় হৈ পৰিছে সম্বিত পাত্ৰ। পাত্ৰৰ মতে এটা শৌচালয় মৰ্যাদা আৰু স্বাস্থ্যকে ধৰি বহু দিশৰ সৈতে সম্পৰ্কিত, পাত্ৰই লগতে কয়, “বহু ৰাজ্যত ধৰ্ষণৰ হাৰ হ্ৰাস পাইছে কাৰণ প্ৰধানমন্ত্ৰীয়ে মহিলাসকলক ‘ইজ্জতঘৰ’ অৰ্থাৎ শৌচালয় দিছে। পাত্ৰই প্ৰধানমন্ত্ৰীজনক প্ৰশংসা কৰি কয় যে, মোদী ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী যিয়ে শৌচালয় কিমান জৰুৰী তাৰ ওপৰত গুৰুত্ব দিছে। আৰু যাৰ বাবে দেশৰ ছয় লাখতকৈও অধিক গাঁওৱে শৌচাগাৰ লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...