আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড তাজনুৰ

গুৱাহাটী, ৭ জুন, NKTV:অৱশেষত আৰক্ষীৰ জালত মষ্ট ওৱান্টেড অপৰাধী,ডকাইতৰ চৰ্দাৰ তাজনুৰ ইছলাম ওৰফে ৰাজা। পূৰ্বে একাংশ আৰক্ষীৰ ৰাজ আতিথ্যত লালিত পালিত হৈ অপৰাধ জগতৰ অন্যতম কুখ্যাত অপৰাধী ৰূপে পৰিচিত জুৰীয়াৰ পৰমাইভেটিৰ তাজনুৰ ওৰফে ৰাজাক নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই যোৱা নিশা আটক কৰে। নগাঁৱৰ কাতিমাৰীৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় তাজনুৰ ওৰফে ৰাজাক। মৰিগাঁও জিলাৰ আৰক্ষীৰ এজন শীৰ্ষ বিষয়াৰ আতিথ্য গ্ৰহণ কৰি সমগ্ৰ জিলা খনতেই সন্ত্ৰাসৰ সৃষ্টি কৰিছিল তাজনুৰে। ভয় ভাবুকিৰে নিৰীহ লোকক অত্যাচাৰ কৰি আহিছিল এইজন ডকাইতৰ চৰ্দাৰে। অভিযোগ অনুসৰি ডকাইতৰ চৰ্দাৰ ৰূপে পৰিচিত কুখ্যাত অপৰাধীটো মৰিগাঁও জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াজনৰ ইমানেই বুকুৰ কুটুম আছিল যে জিলাখনৰ বিভিন্ন থানাৰ পৰা মাহিলী ধন উঠোৱাৰ দায়িত্বও লাভ কৰিছিল। তাজনুৰৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত ২৫৬/২০ আৰু ৩১/২০ৰ দুটাকৈ গোচৰ ৰুজু হৈ আছে। নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিৰ্দেশত অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত জুৰীয়া আৰক্ষীয়ে চলোৱা অভিযানত জালত পৰে এই কুখ্যাত ডকাইতটোৰ লগতে সহযোগী ফৰিদুল ইছলাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...