জাৱৰো বাদ নপৰিল, ৩০ টকাৰ পৰা ৫০ টকালৈ বাঢ়িব আৱৰ্জনা সংগ্ৰহ মাচুল! পেট্ৰ’ল-ডিজেল, মিঠাতেল, ঔষধ, চিলিণ্ডাৰ, গাড়ী, স্কুটী, ফ্লেট…

৩০ টকাৰ পৰা ৫০ টকালৈ বাঢ়িব পাৰে আৱৰ্জনা সংগ্ৰহ মাচুল! গুৱাহাটী পৌৰ নিগমে ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহ মাচুল বৰ্তমানৰ ৩০ টকাৰ পৰা ৫০ টকালৈ বৃদ্ধি কৰাৰ চিন্তা চৰ্চা চলাই আছে। সম্ভাব্য মাচুল বৃদ্ধিৰ বিষয়ে আভ্যন্তৰীণ আলোচনা চলি আছে যদিও ইয়াক এতিয়াও চূড়ান্ত কৰা হোৱা নাই ।

উল্লেখ্য যে, আৱৰ্জনা সংগ্ৰহৰ সৈতে জড়িত বেচৰকাৰী সংস্থাবোৰে যোৱা দুবছৰত মটৰ ইন্ধনৰ মূল্য যথেষ্ট বৃদ্ধি হোৱাৰ বাবে মাচুল বৃদ্ধি কৰাৰ দাবী জনাইছে । আনহাতে, বিষয়টোৰ ওপৰত চূড়ান্ত সিদ্ধান্ত এমাহৰ ভিতৰত লোৱাৰ সম্ভাৱনা আছে বুলি বিশেষ সূত্ৰই জানিবলৈ দিয়ে। মন কৰিবলগীয়া যে গুৱাহাটীৰ ৬০টা পৌৰ নিগমৰ ৱাৰ্ডত আৱৰ্জনা সংগ্ৰহৰ সৈতে মুঠ ৯০টা বেচৰকাৰী সংগঠন জড়িত আছে। এইসকল সংগঠনে গুৱাহাটী পৌৰ নিগমৰ পৰা কোনো বিত্তীয় ইনচেণ্টিভ প্ৰাপ্ত নকৰে, কিন্তু আৱৰ্জনা সংগ্ৰহ কৰা প্ৰতিটো পৰিয়ালৰ পৰা প্ৰতি মাহে ৩০ টকা মাচুল লোৱাৰ অনুমতি দিয়া হয় । মূল্যবৃদ্ধিত জৰ্জৰিত সাধাৰণ লোকক ৰামটাঙোন সোধাই পুনৰ দামবৃদ্ধিৰ বাবে সাজু হৈছে পৌৰ নিগম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...