গুণ কমিছে নেকি শিক্ষকৰ, দেউতাক নোহোৱা ছাত্ৰীক যৌন নিৰ্যাতন ভবেন ছাৰৰ!

গুণোৎসৱ চলি থকাৰ মাজতে শিক্ষাগুৰুৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। সপ্তম শ্ৰেণীত থকাৰ পৰা অষ্টম মান শ্ৰেণীলৈ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলাই জালত শিক্ষক। মৰিগাঁও জিলাৰ কুমুৰাগুৰি মধ্য ইংৰাজী বিদ্যায়ৰ শিক্ষক ভবেন নাথক ধৰ্ষণৰ অভিযোগত আটক। এগৰাকী অষ্টম মান শ্ৰেণীৰ ছাত্ৰীক সপ্তম শ্ৰেণীত থকাৰ পৰা যৌন নিৰ্যাতন চলাই থকাৰ অভিযোগ পৰিয়াল আৰু স্থানীয় ৰাইজৰ। পিতৃহীন ছাত্ৰীগৰাকীক স্কুল আৰু টিউচনৰ স্থানতে যৌন নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ। স্থানীয় ৰাইজ আৰু পৰিয়ালৰ অভিযোগৰ ভিত্তিত আটক কৰি জেৰা চলাইছে মৰিগাঁও সদৰ আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ...

চলিত ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাত টীম ইণ্ডিয়াত স্থান লাভ ভূৱনেশ্বৰ কুমাৰৰ

ভাৰতীয় ক্ৰিকেট দলৰ পেচ বলাৰ অৰ্শ্বদীপ সিঙৰ আঘাতক লৈ...