সুৰাসক্ত হৈ লোকচক্ষুৰ সন্মুখতে যুৱকক গুলীওৱাৰ চেষ্টা আৰক্ষী বিষয়াৰ, কাৰ ক্ষমতাৰ বলেৰে বলীয়ান নিত্যানন্দ ভূঞা?

অসম আৰক্ষীয়ে ‘নিচান’ সন্মান গ্ৰহণ কৰা দিনটোতে লখিমপুৰৰ নাওবৈছাত যান-বাহন আৰক্ষীৰ নিৰ্লজ্জ কাণ্ড। যান-বাহন আৰক্ষী শাখাৰ বিষয়া নিত্যানন্দ ভূঞাই চাৰ্ভিছ ৰিভলভাৰেৰে ৰাকেশ বৰা নামৰ এজনক চোঁচা ল’লে গুলীয়াবলৈ। সুৰাসক্ত হৈ বিনা দোষতে ৰাকেশলৈ চোঁচা লোৱা বুলি উঠিছে অভিযোগ। আৰক্ষী বিষয়াজনৰ এনে কাণ্ডত ক্ষোভিত ৰাইজে নাওবৈছা কলেজ তিনি আলিত আৱদ্ধ কৰি ৰাখিলে তেওঁক। পৰৱৰ্তী সময়ত লখিমপুৰ সদৰ থানাৰ OC বিশ্বজিত ডেকাই ৰাইজৰ কৱলৰ পৰা উদ্ধাৰ কৰে ক্ষমতাৰ বলেৰে বলীয়ান আৰক্ষী বিষয়া নিত্যানন্দ ভূঞাক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...