ঈদৰ দিনাই ৩২৪ কাৰ্টুন খিচমিচ জব্দ, কোনে হৰলুকি কৰিছিল ৮ লাখ টকাৰ খিচমিচখিনি?

কামৰূপ আৰক্ষীৰ বৃহৎ সফলতা। কামৰূপৰ দদৰা আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ চুৰি হোৱা খিচমিচৰ কাৰ্টুন। উদ্ধাৰ হোৱা খিচমিচৰ পৰিমাণ প্ৰায় ৩২৪ কাৰ্টুন। উদ্ধাৰ হোৱা খিচমিচখিনিৰ বজাৰ মূল্য প্ৰায় ৮ লাখ টকা। নগাঁৱৰ কামপুৰ আৰু মৰিগাঁৱত উদ্ধাৰ কৰে খিচমিচখিনি। যোৱা ২৭ এপ্ৰিলত কামৰূপৰ শিঙিমাৰী শীতলীকৰণ ভৱনৰ পৰা গুৱাহাটীলৈ আনি থকা অৱস্থাত হৰলুকি হৈছিল ৮ লক্ষাধিক টকা মূল্যৰ খিচমিচখিনি। ঘটনাৰে জড়িত দুজনক আটক কৰিবলৈ সক্ষম হৈছে দদৰা আৰক্ষীয়ে। ধৃত লোক দুজন ক্ৰমে গোবিন্দ মল্লিক আৰু জহৰুল হক। নিশা দদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শংকৰজ্যোতি নাথৰ নেতৃত্বত চলিছিল অভিযান।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

কথমপি প্ৰাণৰক্ষা হাজাৰ হাজাৰ ৰে’ল যাত্ৰীৰ, তিতাবৰত অঘটন

তিতাবৰৰ মেলামাটিত ভয়ংকৰ ঘটনা। ৰে'ল লাইনৰ ওপৰত চিঙি পৰিল...

ভয়ংকৰ দুৰ্ঘটনাত থানবান এখন সুখৰ সংসাৰ

লখিমপুৰৰ ভয়ংকৰ দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ নগাঁৱত শিহৰণকাৰী...

কোন হ’ব মন্ত্ৰী ? ১২ জনীয়া মন্ত্ৰীসভাত সোমাব আৰু কাৰ কাৰ নাম ?

✒️ মুন গোস্বামী জুন মাহৰ প্ৰথম সপ্তাহতে হিমন্ত 2.0 মন্ত্ৰীসভাৰ...

জম্মু-কাশ্মীৰ সীমান্তত থকা বিদ্যালয়লৈ ১ কোটি টকাৰ অনুদান আগবঢ়ালে অক্ষয় কুমাৰে

বলিউড অভিনেতা অক্ষয় কুমাৰে জম্মু আৰু কাশ্মীৰৰ গুৰেজ উপত্যকাৰ...