এন্দুৰে কামুৰিলে ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰীক, লগে লগে হাস্পতালত ভৰ্তি

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বান্দা ভ্ৰমণলৈ যোৱাৰ সময়তে অঘটন। তৃণমূল পৰ্যায়ত চৰকাৰী কামকাজৰ খতিয়ান লোৱাৰ উদ্দেশ্যে যোৱাৰ সময়তে এগৰাকী মন্ত্ৰীক কামুৰিলে নিগনিয়ে। উত্তৰ প্ৰদেশৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী গিৰীশ চন্দ্ৰ যাদৱ এক অনাহুত পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হয়। নিগনিয়ে কামুৰাৰ পিছতে অসুস্থ হৈ পৰাত ততালিকে ভৰ্তি কৰোৱা হয় হাস্পতালত। উত্তৰ প্ৰদেশৰ মাওৱাই বাইপাছৰ কাষত থকা আৱৰ্ত ভৱনত নিশা কটাইছিল মন্ত্ৰীগৰাকীয়ে। শেষ নিশা তেওঁক হঠাতে কিবা এটাই হাতত কামোৰা বুলি অনুভৱ কৰে আৱৰ্ত ভৱনত। পিছত সোঁহাতত এন্দুৰ জাতীয় কিবা প্ৰাণীয়ে কামোৰা দাগ দেখা পায়। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশ পালন কৰিবলৈ গৈ সন্মুখীন হোৱা এনে পৰিস্থিতিয়ে চাঞ্চল্যকৰ সৃষ্টি কৰিছে উত্তৰ প্ৰদেশত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বেলুচিস্তানৰ ইতিহাস আৰু সমসাময়িক পৰিস্থিতি

বেলুচিস্তান পাকিস্তানৰ এখন প্ৰদেশ। দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত বেলুচিস্তান...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব গ্ৰহণ NIAৰ

জম্মু আৰু কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয়...

৫ হাজাৰ পাকিস্তানী নাগৰিকৰ তালিকা আৰক্ষীৰ হাতত তুলি দিছে IBয়ে

ইন্টেলিজেন্স ব্যুৰো (আই বি)য়ে দিল্লীত বসবাস কৰা প্ৰায় ৫,০০০...

পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন বাহন

কানাডাত ভয়াৱহ পথ দুৰ্ঘটনা। পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন...