বতাহ-ধুমুহা নহাকৈয়ে বাগৰি পৰিল প্ৰকাণ্ড গছ, গুৰুতৰভাবে আহত ৩গৰাকী পথাচাৰী

যোৰহাট নগৰত ভয়ংকৰ দুৰ্ঘটনা। নগৰখনৰ বৰুৱা চাৰিআলিত এজোপা প্ৰকাণ্ড গছ অকস্মাতে বাগৰি পৰাত ৩গৰাকী পথচাৰী গুৰুতৰভাবে আহত হৈছে। ইয়াৰে এগৰাকী মহিলাক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। কোনো বিশেষ ধুমুহা-বতাহ নহাকৈয়ে বৃহৎ গছজোপা বাগৰি পৰাত এই ভয়ংকৰ দুৰ্ঘটনাত আচম্বিত হৈ পৰিছে স্থানীয় ৰাইজ। আজি ঈদৰ বাবে যোৰহাট নগৰৰ মাজমজিয়াত মানুহৰ সমাগম কম আছিল। অন্যথা ভয়ংকৰ ঘটনাৰ সূত্ৰপাত ঘটিলেহেঁতেন বুলি আশংকা প্ৰকাশ কৰিছে ৰাইজে। বন বিভাগৰ দায়িত্ব জ্ঞানহীনতাৰ বাবেই আজি যোৰহাটত এই ভয়ংকৰ দুৰ্ঘটনাত সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...