ছাতি নেৰিব, বুধবাৰলৈকে হ’ব প্ৰবল বৰষুণ!

আজিৰে পৰা ৰাজ্যজুৰি হ’ব পাৰে মুষলধাৰ বৰষুণ। আনকি ঠায়ে ঠায়ে বতাহ-ধুমুহা অহাৰো আগজাননী দিয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। ব’হাগ বিহুৰ ঠিক আগৰ পৰাই ৰাজ্যজুৰি বতৰে দেখুৱাইছে কাল ৰূপ। ধাৰাসাৰ বৰষুণৰ লগতে ঠায়ে ঠায়ে বতাহ-ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰা খবৰ প্ৰায়ে আহিছে। পিছে এতিয়াই বতৰ ফৰকাল হোৱাৰ কোনো সম্ভাৱনা নাই।

গুৱাহাটী মহানগৰীত আজিৰপৰা কেইবা দিনলৈকে সৰ্বোচ্চ তাপমাত্ৰা ২৮ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে সৰ্বনিম্ন ২১ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে।
কেৱল গুৱাহাটীতে নহয়, উজনি-নামনি ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে তীব্ৰ বতাহ-বৰষুণ হোৱাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আজি নিশাৰে পৰাই অহা বুধবাৰলৈকে মুষলধাৰ বৰষুণ হোৱাৰ আগজাননী দিয়া হৈছে। অহা বৃহস্পতিবাৰেহে বতৰ কিছু ফৰকাল হোৱাৰ সম্ভাৱনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...