লকডাউনৰ যৌনতাই হ’ল কাল!

ক’ৰোনা ভাইৰাছ মহামাৰী প্ৰতিৰোধৰ বাবে চৰকাৰে জাৰি কৰিছিল লকডাউন। যাৰ বাবে অধিকাংশ সময় ঘৰতে থাকিব লগা হৈছিল। তাৰ মাজতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। লকডাউনৰ সময়তে অসুৰক্ষিত যৌনতাৰ বাবে মাৰণ ভাইৰাছ এইচ আই ভিত দেশত সংক্ৰমিত হৈছে ৮৫ হাজাৰকৈ অধিক লোক। এই তথ্য উদঙাইছে ৰাষ্ট্ৰিয় এইডছ নিয়ন্ত্ৰণ সংস্থাই।এইক্ষেত্ৰৰ মহাৰাষ্ট্ৰ শীৰ্ষস্থানত আছে বুলিও সংস্থাটোৰ তৰফৰ পৰা সদৰি কৰিছে।

উল্লেখযোগ্য যে, ক’ভিড মহামাৰীৰ সংক্ৰনণৰ তীব্ৰতাৰ প্ৰতি লক্ষ্য কৰি ২০২০ চনৰ ২৫ মাৰ্চত দেশজোৰা লকডাউন ঘোষনা কৰিছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰ টি আইৰ তথ্য মতে লকডাউনৰ সময়ত মাৰণ ভাইৰাছ এইচ আই ভিৰ সংক্ৰমন ভয়াৱহ ৰূপত বৃদ্ধি পাব ধৰে দেশত। মহাৰষ্ট্ৰত ১০,৪৯৮জন এইডছত আক্ৰান্ত হোৱাৰ উপৰি অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটক ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদত নিযুক্তি লাভ ড০ বৰ্ণালী ডেকাৰ

অসমৰ প্ৰশাসনিক ইতিহাসত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰি...

বিশ্বকাপ জয়ৰ পাছতো দলৰ পৰা বাদ! নিৰ্বাচকৰ সিদ্ধান্তত হতাশ SKY

T-20 বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে...

বিদেশী সাহায্য প্ৰত্যাখ্যানৰ পিছত নেপালৰ ইউ-টাৰ্ণ, বিধ্বংসী বানত বিচাৰিলে বিশেষজ্ঞৰ সহায়

বিধ্বংসী বান আৰু ভূমিস্খলনে জুৰুলা কৰা নেপালে অৱশেষত বিদেশী...

এছিয়ান গেমছত ক্ৰিকেটাৰৰ বাবে কিয় এনে ব্যৱস্থা? তম্বুত ড্ৰেছিং ৰুম, ৫০০ মিটাৰ দূৰত শৌচাগাৰ

আগন্তুক এছিয়ান গেমছৰ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে জাপানত কৰা ব্যৱস্থাপনাক...