লকডাউনৰ যৌনতাই হ’ল কাল!

ক’ৰোনা ভাইৰাছ মহামাৰী প্ৰতিৰোধৰ বাবে চৰকাৰে জাৰি কৰিছিল লকডাউন। যাৰ বাবে অধিকাংশ সময় ঘৰতে থাকিব লগা হৈছিল। তাৰ মাজতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। লকডাউনৰ সময়তে অসুৰক্ষিত যৌনতাৰ বাবে মাৰণ ভাইৰাছ এইচ আই ভিত দেশত সংক্ৰমিত হৈছে ৮৫ হাজাৰকৈ অধিক লোক। এই তথ্য উদঙাইছে ৰাষ্ট্ৰিয় এইডছ নিয়ন্ত্ৰণ সংস্থাই।এইক্ষেত্ৰৰ মহাৰাষ্ট্ৰ শীৰ্ষস্থানত আছে বুলিও সংস্থাটোৰ তৰফৰ পৰা সদৰি কৰিছে।

উল্লেখযোগ্য যে, ক’ভিড মহামাৰীৰ সংক্ৰনণৰ তীব্ৰতাৰ প্ৰতি লক্ষ্য কৰি ২০২০ চনৰ ২৫ মাৰ্চত দেশজোৰা লকডাউন ঘোষনা কৰিছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰ টি আইৰ তথ্য মতে লকডাউনৰ সময়ত মাৰণ ভাইৰাছ এইচ আই ভিৰ সংক্ৰমন ভয়াৱহ ৰূপত বৃদ্ধি পাব ধৰে দেশত। মহাৰষ্ট্ৰত ১০,৪৯৮জন এইডছত আক্ৰান্ত হোৱাৰ উপৰি অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটক ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বেলুচিস্তানৰ ইতিহাস আৰু সমসাময়িক পৰিস্থিতি

বেলুচিস্তান পাকিস্তানৰ এখন প্ৰদেশ। দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত বেলুচিস্তান...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব গ্ৰহণ NIAৰ

জম্মু আৰু কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয়...

৫ হাজাৰ পাকিস্তানী নাগৰিকৰ তালিকা আৰক্ষীৰ হাতত তুলি দিছে IBয়ে

ইন্টেলিজেন্স ব্যুৰো (আই বি)য়ে দিল্লীত বসবাস কৰা প্ৰায় ৫,০০০...

পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন বাহন

কানাডাত ভয়াৱহ পথ দুৰ্ঘটনা। পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন...