মহানগৰীৰ বেলতলা জয়ানগৰত চাঞ্চল্যকৰ ঘটনা

বিজ্ঞান প্ৰযুক্তি যিমানেই বিকশিত হৈছে সিমানেই অপৰাধ বাঢ়িছে। মহিলা যুৱতী সকলৰ প্ৰতি বাঢ়ি অহা ভাবুকিয়ে এই কথাকে সূচায় যে আমাৰ সমাজ এতিয়াও সম্পূৰ্ণৰূপে বিকশিত হোৱা নাই। ঘৰত অথবা বাহিৰত ক’তোৱে সুৰক্ষিত নহয় মহিলাসকল। লাগে মহিলা গৰাকী কোনো পথৰ দাতিত ৰৈ থাকক অথবা এগৰাকী বিমান পৰিচাৰিকাই হওঁক। কেতিয়াবা অসৎ চাৱনি,অসৎ ভাষাৰে জোকোৱা,কেতিয়াবা ধৰ্ষণ আৰু কেতিয়াবা নিৰ্যাতন। এতিয়া সেনাৰ ঘৰতো সুৰক্ষীত নহয় যুৱতী মহিলা।

মহানগৰীৰ বেলতলা জয়ানগৰত চাঞ্চল্যকৰ ঘটনা। কাম কৰা কিশোৰীক তিনিমহলীয়া অট্টালিকাৰ পৰা পেলাই দিলে ঘৰৰ গৰাকীয়ে। ছলনী দীঘা নামৰ পোন্ধৰ বছৰীয়া কিশোৰী গৰাকীক গতা মাৰি পেলাই দিলে তলত।


হাত,বুকু,পিঠি,গলত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত কিশোৰী গৰাকীক প্ৰথম অৱস্থাত এজাইল হস্পিতালত ভৰ্তি। সংকতজনক অৱস্থাত জি এম চি লৈ প্ৰেৰণ কিশোৰী গৰাকীক। ভুক্তভোগী কিশোৰী গৰাকী ঘৰ টংলাৰ হাটীগড়ত বুলি জানিব পৰা গৈছে। বশিষ্ঠ আৰক্ষীযে ইতিমধ্যে ঘটনা সন্দৰ্ভত সোধ পোছৰ বাবে ঘৰৰ গৰাকী বনশ্ৰী চৰকাৰ তথা তেওঁৰ ভগ্নীক থানালৈ লৈ গৈছে। ইফালে জানুৱাৰী মাহৰ পৰা কাম কৰা কিশোৰী গৰাকী নিজ ঘৰলৈ যাবলৈ বিচৰা বাবে প্ৰায়ে কিশোৰী গৰাকীৰ ওপৰত অত্যাচাৰ চলোৱাৰ উপৰি আজি পেলাই দিয়াৰ বিস্ফোৰক স্বীকাৰোক্তি ভুক্তভোগী কিশোৰীৰ । জানুৱাৰী মাহৰ পৰা কাম কৰা কিশোৰী গৰাকীক মাত্ৰ এহেজাৰ টকা প্ৰদান কৰাৰ বিস্ফোৰক স্বীকাৰোক্তি কিশোৰী গৰাকীৰ। বনশ্ৰী চৰকাৰৰ স্বামী সেনাবাহনীত কৰ্মৰত ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...