শিহৰণকাৰী ঘটনা! বন কৰা কিশোৰীক ৩ মহলীয়া অট্টালিকাৰ পৰা গতা মাৰি পেলাই দিলে সেনা জোৱানৰ পত্নীয়ে!

মহানগৰীৰ বেলতলা জয়ানগৰত চাঞ্চল্যকৰ ঘটনা। বন কৰা কিশোৰীক তিনিমহলীয়া অট্টালিকাৰ পৰা পেলাই দিলে ঘৰৰ গৰাকীয়ে। ছলনী দীঘা নামৰ ১৫ বছৰীয়া কিশোৰী গৰাকীক তলত গতা মাৰি পেলাই দিলে তলত। হাত, বুকু, পিঠিত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত কিশোৰী গৰাকীক প্ৰথম অৱস্থাত এজাইল হস্পিতালত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত GMCHত ভৰ্তি কৰোৱা হয়। ভুক্তভোগী কিশোৰীগৰাকীৰ ঘৰ টংলাৰ হাতীগড়ত। ইতিমধ্যে বশিষ্ঠ আৰক্ষীযেঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে ঘৰৰ গৰাকী বনশ্ৰী সৰকাৰ আৰু ভগ্নীক থানালৈ লৈ গৈছে। ইফালে, যোৱা জানুৱাৰী মাহৰ পৰা কাম কৰা কিশোৰীগৰাকী নিজ ঘৰলৈ যাবলৈ বিচৰাৰ বাবে প্ৰায়ে কিশোৰীগৰাকীৰ ওপৰত অত্যাচাৰ চলোৱাৰ উপৰি তললৈ ঠেলি পেলাই দিয়াৰ বিস্ফোৰক অভিযোগ কিশোৰীগৰাকীৰ। আনহাতে, জানুৱাৰী মাহৰ পৰা বন কৰা কিশোৰীগৰাকীক মাত্ৰ ১,০০০ টকা প্ৰদান কৰাৰ অভিযোগ কিশোৰীগৰাকীৰ। উল্লেখ্য যে, অভিযুক্ত মহিলাগৰাকীৰ স্বামী সেনা-বাহিনীত কৰ্মৰত। সম্প্ৰতি ৰাজস্থানত কৰ্মৰত হৈ আছে মহিলাগৰাকীৰ স্বামী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...