মহানগৰীৰ বেলতলা জয়ানগৰত চাঞ্চল্যকৰ ঘটনা

বিজ্ঞান প্ৰযুক্তি যিমানেই বিকশিত হৈছে সিমানেই অপৰাধ বাঢ়িছে। মহিলা যুৱতী সকলৰ প্ৰতি বাঢ়ি অহা ভাবুকিয়ে এই কথাকে সূচায় যে আমাৰ সমাজ এতিয়াও সম্পূৰ্ণৰূপে বিকশিত হোৱা নাই। ঘৰত অথবা বাহিৰত ক’তোৱে সুৰক্ষিত নহয় মহিলাসকল। লাগে মহিলা গৰাকী কোনো পথৰ দাতিত ৰৈ থাকক অথবা এগৰাকী বিমান পৰিচাৰিকাই হওঁক। কেতিয়াবা অসৎ চাৱনি,অসৎ ভাষাৰে জোকোৱা,কেতিয়াবা ধৰ্ষণ আৰু কেতিয়াবা নিৰ্যাতন। এতিয়া সেনাৰ ঘৰতো সুৰক্ষীত নহয় যুৱতী মহিলা।

মহানগৰীৰ বেলতলা জয়ানগৰত চাঞ্চল্যকৰ ঘটনা। কাম কৰা কিশোৰীক তিনিমহলীয়া অট্টালিকাৰ পৰা পেলাই দিলে ঘৰৰ গৰাকীয়ে। ছলনী দীঘা নামৰ পোন্ধৰ বছৰীয়া কিশোৰী গৰাকীক গতা মাৰি পেলাই দিলে তলত।


হাত,বুকু,পিঠি,গলত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত কিশোৰী গৰাকীক প্ৰথম অৱস্থাত এজাইল হস্পিতালত ভৰ্তি। সংকতজনক অৱস্থাত জি এম চি লৈ প্ৰেৰণ কিশোৰী গৰাকীক। ভুক্তভোগী কিশোৰী গৰাকী ঘৰ টংলাৰ হাটীগড়ত বুলি জানিব পৰা গৈছে। বশিষ্ঠ আৰক্ষীযে ইতিমধ্যে ঘটনা সন্দৰ্ভত সোধ পোছৰ বাবে ঘৰৰ গৰাকী বনশ্ৰী চৰকাৰ তথা তেওঁৰ ভগ্নীক থানালৈ লৈ গৈছে। ইফালে জানুৱাৰী মাহৰ পৰা কাম কৰা কিশোৰী গৰাকী নিজ ঘৰলৈ যাবলৈ বিচৰা বাবে প্ৰায়ে কিশোৰী গৰাকীৰ ওপৰত অত্যাচাৰ চলোৱাৰ উপৰি আজি পেলাই দিয়াৰ বিস্ফোৰক স্বীকাৰোক্তি ভুক্তভোগী কিশোৰীৰ । জানুৱাৰী মাহৰ পৰা কাম কৰা কিশোৰী গৰাকীক মাত্ৰ এহেজাৰ টকা প্ৰদান কৰাৰ বিস্ফোৰক স্বীকাৰোক্তি কিশোৰী গৰাকীৰ। বনশ্ৰী চৰকাৰৰ স্বামী সেনাবাহনীত কৰ্মৰত ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...