এটা মহে কেনেকৈ আপোনাৰ যকৃত আৰু হাঁওফাঁও চিৰদিনৰ বাবে ধ্বংস কৰিব পাৰে?

এটা মহে কেনেকৈ আপোনাৰ যকৃত আৰু হাঁওফাঁও চিৰদিনৰ বাবে ধ্বংস কৰিব পাৰে?
যেতিয়া মেলেৰীয়া মহে কামোৰে তেতিয়া বীজানু তেজত প্ৰৱেশ কৰে। বীজানু শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে ই যকৃতৰ ফালে আগবাঢ়ে। তাত পৰিপক্ক হোৱাৰ কেইদিনমান পিছত তেজত প্ৰৱেশ কৰে আৰু লোহিত ৰক্ত কণিকাবোৰ নষ্ট কৰিবলৈ আৰম্ভ কৰে। প্ৰতি বছৰে কমেও ৩০-৫০ কোটি লোক এই ৰোগত আক্ৰান্ত হয়। মৃত্যুৰ হাৰও কম নহয়,অৰ্থাৎ যথেষ্ট ভয়ানক। প্লাজমাডিয়াম ফেলচিপেৰাম,প্লাজম’ডিয়াম ভাইভেক্স,প্লাজম’ডিয়াম মেলেৰি এই চাৰিবিধেই হ’ল মেলেৰিয়াৰ বীজানু। ইয়াৰে প্ৰথমবিধেই অৰ্থাৎ প্লাজম’ডিয়াম ফেলচিপেৰামৰ স্ংক্ৰমণ অতি ভয়ানক। অৱশ্যে ভাৰতবৰ্ষত দ্বিতীয়বিধ অৰ্থাত প্লাজম’ডিয়াম ভাইভেক্সৰ স্ংক্ৰমণহে আটাইতকৈ বেছি হয়।

ইয়াৰ লক্ষণবোৰ
কঁপি-কঁপি উঠা জ্বৰ
ঠাণ্ডা-ঠাণ্ডা অনুভৱ
বমি-বমি ভাৱ
মূৰৰ বিষ

কেনেকৈ বিয়পে
মেলেৰিয়াত আক্ৰান্ত লোক এজনৰ গাৰ পৰা যেতিয়া এনোফিলিছ মাইকী মহে তেজ শুহি লয় তেতিয়া তেজৰ লগত মেলেৰিয়াৰ জীৱাণুবোৰ মহৰ পাকস্থলীলৈ যায় আৰু তাৰ পিছত মহটোৰ লেলাউতি গ্ৰন্থিত আহি জীৱাণুটোৱে আশ্ৰয় লয়। যেতিয়া এই মহটোৱে অইন এজন সুস্থ মানুহক কামোৰে,তেতিয়া জীৱাণুটোৱে সুস্থ ব্যক্তিজনৰ দেহত প্ৰৱেশ কৰি এই ৰোগৰ সৃষ্টি কৰে। অৱশ্যে লক্ষণসমূহ দেখাদিবলৈ দহদিনমান সময় লাগে।

মেলেৰিয়া প্ৰতিৰোধ
১.সকলো সময়তে সজাগ থাকিব।
২.ৰাতি শুই থাকোঁতে আঁঠুৱা ব্যৱহাৰ কৰাৰ অভ্যাস কৰক
৩.যদি কাৰোবাৰ মেলেৰিয়াৰ লক্ষণ দেখা দিয়ে তেন্তে অপেক্ষা নকৰি সোনকালে চিকিৎসা আৰম্ভ কৰাটো গুৰুত্বপূৰ্ণ।
৪.যদি সম্ভৱ হয়,শিশুসকলক সুৰক্ষিত ৰাখিবলৈ টিকাকৰণ কৰাওঁক

মেলেৰিয়া প্ৰধানকৈ প্ৰাদুৰ্ভাৱ হয় আফ্ৰিকা,এছিয়া আৰু দক্ষিণ আমেৰিকাত। গৰম দিনত ৰোগটো অধিক বিয়পে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...