এটা মহে কেনেকৈ আপোনাৰ যকৃত আৰু হাঁওফাঁও চিৰদিনৰ বাবে ধ্বংস কৰিব পাৰে?

এটা মহে কেনেকৈ আপোনাৰ যকৃত আৰু হাঁওফাঁও চিৰদিনৰ বাবে ধ্বংস কৰিব পাৰে?
যেতিয়া মেলেৰীয়া মহে কামোৰে তেতিয়া বীজানু তেজত প্ৰৱেশ কৰে। বীজানু শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে ই যকৃতৰ ফালে আগবাঢ়ে। তাত পৰিপক্ক হোৱাৰ কেইদিনমান পিছত তেজত প্ৰৱেশ কৰে আৰু লোহিত ৰক্ত কণিকাবোৰ নষ্ট কৰিবলৈ আৰম্ভ কৰে। প্ৰতি বছৰে কমেও ৩০-৫০ কোটি লোক এই ৰোগত আক্ৰান্ত হয়। মৃত্যুৰ হাৰও কম নহয়,অৰ্থাৎ যথেষ্ট ভয়ানক। প্লাজমাডিয়াম ফেলচিপেৰাম,প্লাজম’ডিয়াম ভাইভেক্স,প্লাজম’ডিয়াম মেলেৰি এই চাৰিবিধেই হ’ল মেলেৰিয়াৰ বীজানু। ইয়াৰে প্ৰথমবিধেই অৰ্থাৎ প্লাজম’ডিয়াম ফেলচিপেৰামৰ স্ংক্ৰমণ অতি ভয়ানক। অৱশ্যে ভাৰতবৰ্ষত দ্বিতীয়বিধ অৰ্থাত প্লাজম’ডিয়াম ভাইভেক্সৰ স্ংক্ৰমণহে আটাইতকৈ বেছি হয়।

ইয়াৰ লক্ষণবোৰ
কঁপি-কঁপি উঠা জ্বৰ
ঠাণ্ডা-ঠাণ্ডা অনুভৱ
বমি-বমি ভাৱ
মূৰৰ বিষ

কেনেকৈ বিয়পে
মেলেৰিয়াত আক্ৰান্ত লোক এজনৰ গাৰ পৰা যেতিয়া এনোফিলিছ মাইকী মহে তেজ শুহি লয় তেতিয়া তেজৰ লগত মেলেৰিয়াৰ জীৱাণুবোৰ মহৰ পাকস্থলীলৈ যায় আৰু তাৰ পিছত মহটোৰ লেলাউতি গ্ৰন্থিত আহি জীৱাণুটোৱে আশ্ৰয় লয়। যেতিয়া এই মহটোৱে অইন এজন সুস্থ মানুহক কামোৰে,তেতিয়া জীৱাণুটোৱে সুস্থ ব্যক্তিজনৰ দেহত প্ৰৱেশ কৰি এই ৰোগৰ সৃষ্টি কৰে। অৱশ্যে লক্ষণসমূহ দেখাদিবলৈ দহদিনমান সময় লাগে।

মেলেৰিয়া প্ৰতিৰোধ
১.সকলো সময়তে সজাগ থাকিব।
২.ৰাতি শুই থাকোঁতে আঁঠুৱা ব্যৱহাৰ কৰাৰ অভ্যাস কৰক
৩.যদি কাৰোবাৰ মেলেৰিয়াৰ লক্ষণ দেখা দিয়ে তেন্তে অপেক্ষা নকৰি সোনকালে চিকিৎসা আৰম্ভ কৰাটো গুৰুত্বপূৰ্ণ।
৪.যদি সম্ভৱ হয়,শিশুসকলক সুৰক্ষিত ৰাখিবলৈ টিকাকৰণ কৰাওঁক

মেলেৰিয়া প্ৰধানকৈ প্ৰাদুৰ্ভাৱ হয় আফ্ৰিকা,এছিয়া আৰু দক্ষিণ আমেৰিকাত। গৰম দিনত ৰোগটো অধিক বিয়পে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...

দুসপ্তাহৰ জাননী দি ৭২ ঘণ্টাৰ ভিতৰত ইৰাণক আক্ৰমণ! ট্ৰাম্পে কেতিয়া আক্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল?

ইৰাণৰ বিৰুদ্ধে আমেৰিকাই প্ৰত্যক্ষভাৱে অস্ত্ৰ ল’ব নে নাই, সেই...

ৰাছিয়াই ইৰাণক কিয় প্ৰত্যক্ষভাৱে সহায় কৰা নাই?

পশ্চিম এছিয়াত উত্তেজনা ক্ৰমাৎ বাঢ়িছে। এই পৰিপ্ৰেক্ষিতত শনিবাৰে গভীৰ...

ইৰাণত প্ৰৱেশ কৰি কেনেকৈ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলাইছিল আমেৰিকাই?

ইৰাণৰ পৰমাণু কেন্দ্ৰত আমেৰিকাৰ গোপন আক্ৰমণ শনিবাৰে গভীৰ নিশা আমেৰিকাই...