আৰক্ষীৰ বৃহৎ অভিযান। তিনি কোটি টকাৰ গাঞ্জা জব্দ

ৰহাৰ চাপৰ মুখৰত আৰক্ষীৰ বৃহৎ অভিযান। ৰে’লৰ পানী টেংকিৰ ভিতৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় তিনি কোটি টকাৰ গাঞ্জা। নগাঁও আৰক্ষীয়ে সোমবাৰে নিশা চাপৰমুখ ৰে’ল ষ্টেচনৰ পৰা চলোৱা অভিযানত জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় এক কোটি টকাৰ মূল্যৰ গাঞ্জা। জানিব পৰা মতে, আগৰতলা-মধ্যপ্ৰদেশ হাবিবগঞ্জ অক্সপ্ৰেছ নামৰ যাত্ৰীবাহী ৰে’ল খনৰ পৰা জব্দ কৰা হয় এই গাঞ্জাসমূহ।

প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে নিশা প্ৰয় দুই বজাত নগাঁও আৰক্ষী অধীক্ষক ধ্ৰুব জ্যোতি বৰাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাইছিল উক্ত ৰে’লখনত। এই অভিযানত অভিযানকৰী দলটোৱে ৰে’লৰ টেংকি কাটি জব্দ কৰে এই গাঞ্জাখিনি। আৰু জব্দকৰা গাঞ্জাখিনিৰ বজাৰ মূল্যপ্ৰয় তিনি কোটি টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...