আগৰতলা-আখাউৰা ৰে’লত উঠি আহিব বিজেপিৰ বিজয়!

অচিন্ত্য শৰ্মা:

সন্মুখত ত্ৰিপুৰা বিধান সভা নিৰ্বাচন:
ত্ৰিপুৰা-বাংলাদেশৰ মাজৰ ৰে’ল যোগাযোকলৈ ক্ৰমাত অধৈৰ্য্য হৈ উঠিছে নতুন দিল্লী। যাৰ বাবে পূৰ্বোত্তৰৰ এই প্ৰন্তত ৰাজ্যখনলৈ দৌৰি আহিছে মোদী চৰকাৰৰ ৰে’ল ৰাজ্যমন্ত্ৰী। লক্ষ্যনীয়ভাবে ভাৰত-বাংলাদেশ ৰে’ল যোগাযোগ প্ৰকল্পৰ অংশ হিচাপে ত্ৰিপুৰাৰ আগৰতলাৰ পৰা বাংলাদেশৰ আখাউৰালৈ ৰে’ল পথ বহুৱাৰ যি কাম চলি আছে,সেই কাম নিৰ্ধাৰিত লক্ষ্যতকৈ বহুখিনি পিছুৱাই গৈছে। বিশেষকৈ ভাৰতীয় ভূখণ্ডত কাম কিছু আগবাঢ়িলেও উদ্ধেকজনকভাবে কাম হোৱা নাই বাংলাদেশৰ পিনে। অথচ ভাৰত চৰকাৰে প্ৰকল্পটোত বহু অৰ্থ বিনিয়োগ কৰিছে। তদুপৰি প্ৰকল্পটোৰ আছে ৰণকৌশলগত আৰু ৰাজনৈতিক তাৎপৰ্য্যও। বাংলাদেশ অংশত ৰে’লপথ বহুৱাৰ কামত নিযুক্ত প্ৰতিষ্ঠানসমূহৰ মতে কোভিডজনিত পৰিস্থিতিৰ বাবেই তেওঁলোকৰ কাম মন্থৰিত হৈছে। এনে অৱস্থাত ৰে’লপথ বহুওৱাৰ কাম সম্পূৰ্ণ হ’লেও ৰে’লষ্টেচন চিগনেল আদিৰ বাবে আৰু সময় লাগিব বুলি জনাইছে প্ৰতিষ্ঠানসমূহে। তথাপি ভাৰত আৰু বাংলাদেশ,দুয়োখন দেশেই অহা ডিচেম্বৰৰ ভিতৰত যেনেতেনে কাম শেষ কৰাৰ ওপৰত জোৰ দিছে। এই লক্ষ্যপূৰণৰ বাবে হেঁচা দিবলৈ ভাৰত বাংলা সীমান্তৱৰ্তী প্ৰকল্পস্থলী পৰিদৰ্শন কৰি গৈছে বাংলাদেশৰ ৰে’লমন্ত্ৰী নুৰুল ইছলাম সুজনেও। সেয়ে নতুন দিল্লী আৰু ঢাকাৰ এনে তৎপৰতা দেখি স্বাভাবিকতে প্ৰশ্ন উঠিছে।
১) কিয় এনে তৎপৰতা?
২) কিয় আগৰতলা-আখাউড়া ৰে’ল সংযোগ প্ৰকল্পকলৈ…?
৩) অধৈৰ্য্য হৈ উঠিছে নতুন দিল্লী?

দৰাচলতে ইয়াৰ মূল কাৰণটো ৰাজনৈতিক । অহা বছৰ অনুষ্টিত হ’ব ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচন।এই নিৰ্বাচনৰ বাবে বিজেপিয়ে এক ইছু কৰিব খুজিছে আগৰতলা-আখাউৰা ৰে’ল প্ৰকল্পটোক ।আনহাতে নিৰ্বাচনী অধিসূচনা জাৰী হ’লে আদৰ্শ আচৰণবিধিৰ বাবে প্ৰকল্পটো উদ্ধোধন কৰিব নোৱাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।সেয়ে দিল্লীৰ বাবে এতিয়া ডিচেম্বৰেই ডেডলাইন আৰু দিল্লীৰ হেঁচাত ঢাকাৰ বাবেও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...