বঙাইগাঁও আৰক্ষীৰ জালত পৰিল ৩ জেহাদী

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাই আহিছে জেহাদীৰ সংখ্যা, ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে জেহাদৰ শিপা। বৰপেটাৰ পিছত এইবাৰ বঙাইগাঁও আৰক্ষীৰ জালত ৩ জেহাদী। শেহতীয়াকৈ ত্ৰিপুৰাত গ্ৰপ্তাৰ কৰা ৩ আণচাৰুল বাংলা টিমৰ সদস্যৰ স্বীকাৰোত্তিৰ পিছতেই পোহৰলৈ আহিছে এই তথ্য। বঙাইগাঁও আৰক্ষীয়ে সম্প্ৰতি গ্ৰপ্তাৰ কৰা ৩ জন ব্যক্তিকে জেৰা অব্যাহত ৰাখিছে। ২০২২ চনৰ ৮ এপ্ৰিল তাৰিখে বঙাইগাঁও আৰক্ষীয়ে ত্ৰিপুৰাৰ চিপাহী জিলাৰ পৰা আটক কৰে এই ৩ জেহাদীক। বঙাইগাঁওৰ যোগাঘোপা থানাত ৫৬ / ২২ নং গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

বৰপেটাত গ্ৰেপ্তাৰ হোৱা ধৃত জেহাদীৰ স্বীকাৰোক্তিত লাভ কৰা তথ্যৰ ভিত্তিত তিনিওৰে সম্ভেদ লাভ কৰিছিল আৰক্ষীয়ে৷ তিনিওজনে যোৱা জানুৱাৰী, ফেব্ৰুৱাৰী মাহত বঙাইগাঁও জিলাৰ অভয়াপুৰী, যোগীঘোপা আদি বিভিন্ন অঞ্চলত বাহৰ পাতি জেহাদী কাৰ্যকলাপ চলাই আছিল৷ অল কায়দাৰে সম্পৰ্ক থকা এবিটি নামৰ সংগঠনটোৱে ইতিমধ্যে বঙাইগাঁও জিলাত শ্লীপাৰ চেল স্থাপন কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে৷ জেহাদী সংগঠনটোৱে কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিবলৈ বিভিন্ন ব্লু-প্ৰিণ্ট সাজু কৰিছিল বুলি সন্দেহ কৰিছে জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই৷ ধৃত তিনিওকে আজি বঙাইগাঁও আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাত আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...